দেশত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪৮ লাখৰ ঘৰ

বহু লোকৰ বেপৰোৱা মনোভাৱে বৃদ্ধি কৰিছে ক'ৰ'ণাৰ সংক্ৰমণ

COVID19-virus-1024x512

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ ছবি খন মুঠেও উন্নত হোৱা নাই।

প্ৰতিদিনে ১ লাখৰ ওচৰা-ওচৰি লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইমানৰ পিছতো পিছে সচেতন হোৱা নাই বহু লোক। মাস্ক পৰিধান নকৰি স্বাভাৱিক সময়ৰ পৰিস্থিতিত ঘূৰি ফুৰাৰ দৰেই বহুতে ঘূৰি ফুৰিছে। ফলত বৃদ্ধি পাইছে সংক্ৰমণ।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪৮ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

দেশত প্ৰতি ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে গড়ে ১,২০৯ গৰাকীকৈ লোকে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দেশত  এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪৮ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৪৮,৪৫,০০৩ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৭৯,৭৫৪ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৩৭,৭৭,০৪৯ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

ক’ৰ’ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ শতাংশ হাৰ হৈছে ৭৭.৩০ আৰু মৃত্যু ঘটা ৰোগীৰ শতাংশ হাৰ হৈছে ২।