NORTHEAST NOW (Assamese)

ল’কডাউনতো পাব পাৰে সুৰা, যদিহে থাকে চিকিৎসকৰ নিদানপত্ৰ!

March 30, 2020 11:32 am · এন ই নাও নিউজ
Updated: March 30, 2020 11:33 am
প্ৰতিনিধিত্বমূলক ফটো

কেৰালাত ল’কডানৰ ফলত সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত বিভিন্ন স্থানৰ পৰা সুৰাসক্ত লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাত মুখ্য মন্ত্ৰী পিন্নাৰাই বিজয়নে ৰাজ্যখনৰ আবকাৰী বিভাগক চিকিৎসকৰ নিদানপত্ৰ থকা ব্যক্তিক সুৰা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে মদৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত ৰাজ্যখনৰ বিভিন্ন ঠাইত সুৰাসক্ত লোকসকৰ মাজত নিচা এৰাৰ লক্ষণ (withdrawal symptom) দেখা দিয়াৰ লগতে আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এই সিদ্ধান্ত লোৱা হয়।

ৰাজ্যখনৰ থ্ৰীছুৰ জিলাত শনিবাৰে এজন সুৰাসক্ত যুৱকে নৈত জাপ দি আত্মহত্যা কৰে। livemint ৰ এক বাতৰিত প্ৰকাশ।

আন এক ঘটনাত কায়ামকুলামত চলেুনত কাম কৰা ৩৮ বছৰীয়া এজন লোকে মদ খাবলৈ নাপাই ছে’ভিং ল’চন খাই দিয়ে। লোকজনক পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে।

বাতৰিটোত প্ৰকাশ পোৱা মতে কেৰালা চৰকাৰে এনে লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাবলৈ আবকাৰী বিভাগক নিৰ্দেশ দিছে।

ইয়াৰ উপৰি বাতৰিটোৰ মতে এইদৰে হঠাতে সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ ফলত কেতবোৰ সমস্যাই দেখা দিব পৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অনলাইন সুৰা বিক্ৰী কৰিব পৰা যায় নেকি তাক বিবেচনা কৰি আছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে জনায়।

Related News