• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না আতংক; গোৱালপাৰাৰ মাটিয়া চিকিৎসালয়ত ভৰ্তি জাপানৰ পৰ্যটকক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 18, 2020 10:18 am
FB_IMG_1584469904198

ফটো : নৰ্থ-ইষ্ট নাও

3.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’নাক লৈ ৰাজ্যৰ চৌপাশে আতংকময় পৰিবেশ। ৰাজ্যত এতিয়ালৈ ক’ৰ’নাত কোনো লোক আক্ৰান্ত হোৱাৰ খবৰ নাই যদিও ৰাইজৰ মাজত প্ৰশমিত হোৱা নাই আতংক।

এই আতংকৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াত জাপানৰ এজন পৰ্যটকক পৰ্যবেক্ষণ কৰাৰ বাবে মাটিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে চাইকেলেৰে ভাৰত ভ্ৰমণলৈ অহা জাপানৰ ফুজিমটো তাত চহিকো নামৰ পৰ্যটক গৰাকীক স্থানীয় লোকে মাটিয়া অঞ্চলত দেখা পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে নিশাটো থানাতে ৰাখি ৰাতিপুৱা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি মাটিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।

ইফালে মাটিয়া আদৰ্শ চিকিৎসালয়ৰ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে জাপানৰ পৰ্যটক গৰাকীৰ গাত ক’ৰ’নাৰ কোনো লক্ষণ দেখা পোৱা নাই আৰু সম্পূৰ্ণ সুস্থ বুলি জনাইছে।

পৰ্যটক গৰাকীৰ গাত ক’ৰ’নাৰ কোনো লক্ষণ নাই যদিও অহা পাঁচ দিনলৈ পৰ্যটক গৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণৰ মাজত ৰখা হ’ব বুলি চিকিৎসালয়ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, এই গৰাকী পৰ্যটক যোৱা ডিচেম্বৰ মাহত জাপানৰ ট’কিঅ’ৰ পৰা ৰাওনা হৈছিল আৰু যোৱা ২৪ ফেব্ৰুৱাৰিত ভাৰতত উপস্থিত হৈছিল।

এতিয়ালৈকে জাপানীজ পৰ্যটক গৰাকীয়ে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিছে আৰু অসমৰ পৰা পশ্চিমবংগলৈ গৈ থকাৰ সময়তে তেখেতক নিৰীক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পাঁচ দিন পিছত পৰ্যটকগৰাকীক যাবলৈ দিব আৰু অহা জুলাই মাহত পৰ্যটক গৰাকী ভাৰত ভ্ৰমণ সামৰি জাপানলৈ উভতি যাব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd