NORTHEAST NOW (Assamese)

ৰ’দত ঘামিলেই কৰোণা আঁতৰে, মাস্কৰ প্ৰয়োজন নাই! এজন মোদীভক্তৰ আজৱ ভাষ্য, চাওক ভিডিঅ’!

April 17, 2021 6:44 pm · এন ই নাও নিউজ

কৰোণাভাইৰাচ আঁতৰি যাব, যদিহে মানুহে গাত ৰ’দ লয়।

যি সময়ত বিশ্বৰ চিকিৎসা বিশেষজ্ঞসকলে কৰোণাভাইৰাচ প্ৰতিৰোধৰ বাবে গৱেষণা অব্যাহত ৰাখিছে, সেই সময়তে এই সাধাৰণ সমাধানসূত্ৰ আগবঢ়াইছে এজন লোকে।

লোকজন এজন মোদীভক্ত।

লেল্লনটেপ (Lallantop ) নামৰ নিউজ চাইটটোত এজন মোদীভক্তই দিয়া দিয়া এই আজৱ ভাষ্যই সামাজিক মাধ্যমত খলকনি তুলিছে।

এপ্ৰিলৰ আগভাগত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন উপলক্ষে কোচবিহাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল।

সভাত ভাষণ প্ৰদান কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তাত শ্ৰোতা হিচাপে উপস্থিত আছিল অগণন লোক।

মুখত ‘মাস্ক’ পৰিধান নকৰা এজন লোকক লেল্লনটেপৰ সাংবাদিকজনে প্রশ্ন কৰে যে তেওঁ কিয় ‘মাস্ক’ পৰিধান কৰা নাই।

লোকজনে দাঙি ধৰে আজৱ ব্যাখ্যা।

”মই এতিয়া ৰ’দত বহি আছো, সেয়ে কৰোণা গুছি যাব। কৰোণালৈ মই ভয় নকৰো।”- লোকজনে কৈ যায়- ”ৰ’দত বহিলে যিমান ঘাম উলাব, সিমানখিনি কৰোণা আঁতৰি যাব। এয়া মোৰ বিশ্বাস। সেইবাবেই মই মাস্ক পৰিধান নাই কৰা।”

লেল্লনটেপত সাক্ষাৎকাৰটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ইতিমধ্যে লাখ লাখ লোকে সাক্ষাৎকাৰৰ ভিডিঅ’টো উপভোগ কৰিছে।

Related News