• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ নিৰ্মাণত লুণ্ঠন চলোৱা কনিষ্ঠ অভিযন্তাৰ গুণ্ডাগিৰী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 16, 2019 8:10 am
Golap Kalita

কনিষ্ঠ অভিযন্তা গোলাপ কলিতা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে গোৱালপাৰা জিলাৰ গড়কাপ্তানী বিভাগৰ এজন কনিষ্ঠ অভিযন্তাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ পোহাৰ মেলাৰ কিছু তথ্য পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি জিলাখনৰ গড়কাপ্তানী বিভাগৰ দুধনৈ উপ সংমণ্ডলৰ (পথ) কনিষ্ঠ অভিযন্তা গোলাপ কলিতাই বিগত কুৰি বছৰৰো অধিক কাল একে স্থানতে চাকৰি কৰি পথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰিছে।

Apply Now

শেহতীয়াকৈ বালিজনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভেটাত এটা বিশ লাখ টকাৰ কালভাৰ্টৰ নিৰ্মাণ দুৰ্নীতি কথা ফাদিল হোৱাৰ পিছতে পোহৰলৈ আহিছে আন কেতবোৰ ভয়ংকৰ তথ্য৷ জানিব পৰা মতে কনিষ্ঠ অভিযন্তা গোলাপ কলিতাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনৰ পথ নিৰ্মাণৰ বাবে পথৰ নাম বাচনি কৰি অহাৰ নামতো বিভিন্ন গ্ৰাম্যাঞ্চলৰ লোকৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমানৰ ধন।

অভিযোগ অনুসৰি জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী থান্তিপাৰা গাঁৱত পথ পকীকৰণৰ নামত সংগ্ৰহ কৰিছিল ধন। ধন আদায় দিয়াৰ পিছতো পথ পকীকৰণ নোহোৱাত অভিযন্তা গোলাপ কলিতাক ৰাইজে হেচা প্ৰয়োগ কৰিলে হ’ব হ’ব বুলি কৈ থৈ দিয়ে।

বহু বছৰ উপেক্ষা কৰাত থান্তিপাৰাৰ ৰাইজে জিলাখনৰ গড়কাপ্তানী বিভাগৰ উচ্চ পদস্থ বিষয়াক অৱগত কৰি গোচৰ দিয়ে আৰু বিভাগটোৰ উচ্চ পদস্থ বিষয়াৰ হেচাত কনিষ্ঠ অভিযন্তা গোলাপ কলিতাই একে দিনাই ৰাইজক উৎকোচৰ ধন ঘূৰাই দিবলৈ বাধ্য হয়।

বিভিন্ন সময়ত এই বিষয়া গৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে যদিও বিভাগটোৰ লগতে চৰকাৰ-প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰা বিষয়টোৱে সন্দেহৰ অৱতাৰণা কৰিছে।

ইফালে দুদিন পূৰ্বে গোলাপ কলিতাৰ লুণ্ঠনৰ বাতৰি নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতে প্ৰতাপি কনিষ্ঠ অভিযন্তা গোলাপ কলিতাই ফোন যোগে সাংবাদিকক ধমকি প্ৰদান কৰে।

আন এক সূত্ৰৰ পৰা জানিব পৰা মতে বিগত বিধানসভা নিৰ্বাচনত বিষয়া গৰাকীক ধুবুৰীলৈ বদলি কৰা হৈছিল যদিও বিভাগক মেনেজ কৰি দুধনৈ উপ সংমণ্ডলতে থাকি যায়। দৰমহা ধুবুৰীত আৰু কাম দুধনৈত। বিষয়া গৰাকীৰ কাম জিলা সংমণ্ডলৰ কাৰ্যালয়ত কিন্ত থাকে দুধনৈ উপ সংমণ্ডলত।

ইফালে কেইবাটাও প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা কামৰ দায়িত্বত থকা অভিযন্তা গোলাপ কলিতাই ঠিকাদাৰৰ পৰা ধন নাপালে কাম নকৰে বুলি কেইবাজনো ঠিকাদাৰে মৌখিকভাৱে অভিযোগ কৰিছে। কাম সম্পূৰ্ণ হোৱাৰ পিছতো একমাত্ৰ কনিষ্ঠ অভিযন্তা গোলাপ কলিতাৰ হেমাহিৰ বাবেই দুজনমান ঠিকাদৰে এতিয়াও বিল পাবলৈ সক্ষম হোৱা নাই।

এতিয়া প্ৰশ্ন হয় ৰাজ্যত এগৰাকী শক্তিশালী মন্ত্ৰী এই বিভাগটোৰ দায়িত্বত থকাৰ পিছতো গোলাপ কলিতাৰ দৰে এজন কনিষ্ঠ অভিযন্তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টোৱে ৰাইজৰ চিন্তা বৃদ্ধি কৰিছে। ইফালে অতি কম সময়ৰ ভিতৰত গোৱালপাৰাৰ এক অনুষ্ঠানত অংশ গ্ৰহনৰ বাবে আহিব লগা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জিলাখনৰ একাংশ ৰাইজে বিষয়া গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাব।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd