অৰুণোদয় আঁচনিত স্বজন তোষণ নীতি, বিধায়কৰ ঘনিষ্ঠ হলেহে লাভ কৰিব আঁচনিৰ সুবিধা
আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নেকি? আপুনি বিজেপি দলৰ সদস্য হয় নে? যদিহে নহয় তেনেহলে লাভ নকৰে এই আঁচনিৰ সুবিধা।
ইয়াৰে এক পৰিষ্ফুত ছবি দেখিবলৈ পোৱা গ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত। চৰকাৰে অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰিবলৈহে পালে লগে লগেই হিতাধিকাৰীৰ তালিকা সাজু।
অতি সংগোপনে হিতাধিকাৰীৰ আবেদন সংগ্ৰহ আৰু জমাৰ কাম সম্পূৰ্ণ হৈ গল, অথচ সৰ্বসাধাৰণ ৰাইজে উৰহি গছৰ ওৰকে নাপালে।
সমষ্টিটোত বিধায়ক ভাস্কৰ শৰ্মাৰ একাংশ তৈল মৰ্দনকাৰী আৰু বিজেপিৰ পালি পহৰীয়াৰ মাজতে এই আঁচনি সীমাৱদ্ধ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
যাৰ ফলত অসম চৰকাৰে আগবঢ়োৱা অৰুণোদয় আঁচনিখন মাৰ্ঘেৰিটা সমষ্টিত বুমেৰাঙত পৰিণত হৈছে। আঁচনিৰ প্ৰ-প্ৰত্ৰ বিচাৰি মাৰ্ঘেৰিটাত ব্যাপক আন্দোলনমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
যোগ্য ব্যক্তিয়ে আঁচনিৰ লাভালাভ পোৱাটো দূৰৈৰ কথা বিজেপি দলৰ নেতা পালিনেতা আৰু বুথ কমিটীৰ যোগেদি প্ৰ- প্ৰত্ৰ সমূহ গোপনে বিতৰণ কৰি সমাপ্ত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
ফলত লাভ কৰিবলৈ সক্ষম নহ’ল মাৰ্ঘেৰিটাৰ বহুজনে এই আঁচনিৰ প্ৰ পত্ৰ। আনকি আঁচনিৰ বিষয়ে অৱগত নহ’ল বিভিন্নজন। দুই একে ইণ্টাৰনেটৰ যোগেদি প্ৰ- পত্ৰখন উলিয়ায় লৈছিল যদিও জমা লোৱাৰ ক্ষেত্ৰত চৰকাৰী কোনো পক্ষই স্বীকাৰ নকৰাত ৰাইজ আজি বাৰুকৈয়ে সমস্যাত পৰা দেখা গৈছে।
গোপনে লবীকেন্দ্ৰীক ব্যৱস্থা বা চিণ্ডিকেট পদ্ধতিত সমস্ত আঁচনিৰ প্ৰ পত্ৰ উপলব্ধ আৰু জমা হৈ থকাৰ বিষয়টোৱে ৰাইজক আচৰিত কৰি তুলিছে।
এই চিণ্ডিকেট ব্যৱস্থা শীঘ্ৰে আতৰ কৰিবলৈ চৰকাৰক বিভিন্ন জনে লিখিত অভিযোগ দিয়াৰ পাছতো এই পৰ্যন্ত কোনো সু ফল লাভ নকৰাত অতি শীঘ্ৰেই পুনৰ চৰকাৰী কাৰ্যালয় আৰু পঞ্চায়ত কাৰ্যালয়ত আন্দোলন যে আৰম্ভ হ’ব সেয়া নিশ্চত হৈ পৰিছে। তাৰেই অংশ বিশেষ স্বৰূপে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গল প্ৰতিবাদৰ জুই। অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ বিচাৰি আজি কমাৰপট্টি পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ মহিলাসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।
এই আঁচনিৰ প্ৰ পত্ৰ বিচাৰি গাঁৱৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে যদিও সংগোপনে প্ৰ পত্ৰ বিতৰণ আৰু জমা লোৱা কাৰ্যক ধিক্কাৰ দিয়ে মাৰ্ঘেৰিটাৰ সচেতন মহলে।
বিজেপিকৰণ আৰু বিশেষ ব্যক্তিৰ প্ৰভুত্বৰ কাৰণে এনে অনিয়ম যে হ’বলৈ পাইছে সেয়া সহজে অনুমেয়।
অসংবিধানিক আৰু অকৰ্তৃত্বশীল ভাৱে বুথ কমিটিৰ বিষয়ববীয়াই অৰুণোদয় আঁচনিৰ প্ৰ- পত্ৰ বিতৰণ কৰা কাৰ্যই কি সূচাইছে? চৰকাৰী ভাবে এনে প্ৰ পত্ৰ বিতৰণ নকৰি কিহৰ বলত বুথ কমিটিয়ে এই প্ৰ পত্ৰ বিতৰণ কৰিবলৈ ক্ষমতা পালে আৰু এনে কাৰ্যৰ বৈধতাৰ ওপৰতো প্ৰশ্নবোধক চিহ্ন আহি পৰিছে।
এনেকৈ বিতৰণ কৰাৰ পিছত উক্ত প্ৰ পত্ৰ সমূহ কোনে জমা লৈ কেনেকৈ গৈ জিলাৰ মূল কাৰ্যালয় পালেগৈ এয়া অবুজ সাঁথৰ। শীঘ্ৰেই সকলোখিনি পৰিষ্কাৰ নহ’লে আন্দোলনৰ পৰিবেশৰ যে সৃষ্টি হ’ব সেয়া খাটাং হৈ পৰিছে।