• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ অবৈধ বসবাসকাৰী ভাৰতীয়ক গ্ৰহণ কৰিবলৈ ওলাইছে মধ্য আমেৰিকাৰ এইখন দেশে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 12:40 pm
268
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা প্ৰশাসনে আক্ৰমণাত্মকভাৱে অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ বিতাড়িত কৰিছে। এতিয়ালৈকে আমেৰিকাৰ পৰা তিনিখন বিমানেৰে উভতি আহিছে তিনি শতাধিক ভাৰতীয়। খবৰ অনুসৰি আমেৰিকাই অতি সোনকালে মধ্য এছিয়া আৰু ভাৰতৰ পৰা যোৱা আৰু ২০০ জন লোকক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে মধ্য আমেৰিকাৰ দেশ কোষ্টা ৰিকাই এতিয়া আমেৰিকাত বাস কৰা মধ্য এছিয়া আৰু ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত অচিৰেই দুই শতাধিক লোকক লৈ এখন বিমান সেই দেশলৈ ৰাওনা হ’ব।

সোমবাৰে কোষ্টা ৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত ভাৰত আৰু মধ্য এছিয়াৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোষ্টা ৰিকান ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ প্ৰতি তৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে এছিয়াৰ কেইবাখনো দেশে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এই পৰিস্থিতিত ট্ৰাম্প প্ৰশাসনে পানামা, কোষ্টা ৰিকা আদি মধ্য আমেৰিকাৰ দেশলৈ এনে অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত কোষ্টা ৰিকাই ভাৰত আৰু মধ্য এছিয়াৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ মাজতে বুধবাৰে আমেৰিকাৰ পৰা কোষ্টা ৰিকাত উপস্থিত হ’ব ২০০ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এখন বিমান।

ইপিনে, আমেৰিকাৰ পৰা ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা প্ৰথমখন বিমান অমৃতসৰত অৱতৰণ কৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ হয়। ভাৰতীয় নাগৰিকক শিকলি বান্ধি ৪০ ঘন্টা উৰাজাহাজত অনা ধৰণক লৈ বিৰোধীয়ে সৰৱ হৈ পৰে। কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত দাবী কৰে যে আমেৰিকান কৰ্তৃপক্ষই ভাৰতক জনাইছে যে মহিলা আৰু শিশুসকলক শিকলিৰে বান্ধি ৰখা হোৱা নাই। কিন্তু সেই বিমানখনত ঘৰলৈ উভতি অহা মহিলাসকলে দাবী কৰিছিল যে তেওঁলোকৰ কঁকাল আৰু ভৰিত শিকলি, আৰু হাতত হেণ্ডকাফ আছিল। কিন্তু আমেৰিকাৰ পৰা অহা দ্বিতীয়খন বিমান অমৃতসৰত অৱতৰণ কৰাৰ পিছত দাবী কৰা হয় যে এই বিমানত মহিলা আৰু শিশুক শিকলিৰে বান্ধি ৰখা হোৱা নাছিল।

মন কৰিবলগীয়া যে ১৬ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগত আমেৰিকাৰ পৰা আৰু ১১৯ জন অবৈধভাৱে বাস কৰা ভাৰতীয়ক লৈ অমৃতসৰত দ্বিতীয়খন আমেৰিকান বিমান অৱতৰণ কৰে। আমেৰিকাৰ পৰা বিতাড়িত এই ১১৯ জন লোকৰ ভিতৰত ৬৭ জন পঞ্জাৱৰ আৰু ৩৩ জন হাৰিয়ানাৰ। ইয়াৰ উপৰিও ঘৰলৈ উভতি অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত ৮ জন গুজৰাটৰ বাসিন্দা, উত্তৰ প্ৰদেশৰ ৩ জন, গোৱাৰ ২ জন, মহাৰাষ্ট্ৰৰ ২ জন, ৰাজস্থানৰ ২ জন, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ ১ জন।

ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বায়ুসেনাৰ বিমান অমৃতসৰত উপস্থিত হৈছিল। অমৃতসৰত অৱতৰণ কৰা বিমানখনত মুঠ ১০৪ জন ভাৰতীয় নাগৰিক আছিল। সেই বিমানেৰে ঘৰলৈ উভতি অহা বহু ভাৰতীয়ই অভিযোগ কৰিছিল যে গোটেই যাত্ৰাত তেওঁলোকৰ হাত-ভৰি শিকলিৰে বান্ধি থোৱা আছিল। আনকি মহিলাসকলকো ভৰি আৰু কঁকালত শিকলিৰে বান্ধি ৰখাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ ফলত সংসদত হুলস্থুলৰ সৃষ্টি হয়। ইয়াকে লৈ ভাৰতত বিৰাট প্ৰতিক্ৰিয়াৰ পাছত নতুন দিল্লীয়ে বিতাড়িতসকলৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত ৱাশ্বিংটনক নিজৰ উদ্বেগ প্ৰকাশ কৰে।

আনহাতে, শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে ট্ৰাম্পৰ কাষত থিয় হৈ কয়, ‘যিসকলে আন দেশত অবৈধভাৱে বাস কৰি আছে, তেওঁলোকৰ তাত থকাৰ কোনো অধিকাৰ নাই।’ ভাৰত আৰু আমেৰিকাৰ ক্ষেত্ৰত আমি আগতেও কৈছো যে যিসকল সঁচাকৈয়ে ভাৰতীয় আৰু যিসকল অবৈধভাৱে আমেৰিকাত আছে তেওঁলোকক ঘূৰাই ল’বলৈ ভাৰত সাজু।’

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd