• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ অবৈধ বসবাসকাৰী ভাৰতীয়ক গ্ৰহণ কৰিবলৈ ওলাইছে মধ্য আমেৰিকাৰ এইখন দেশে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 12:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা প্ৰশাসনে আক্ৰমণাত্মকভাৱে অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ বিতাড়িত কৰিছে। এতিয়ালৈকে আমেৰিকাৰ পৰা তিনিখন বিমানেৰে উভতি আহিছে তিনি শতাধিক ভাৰতীয়। খবৰ অনুসৰি আমেৰিকাই অতি সোনকালে মধ্য এছিয়া আৰু ভাৰতৰ পৰা যোৱা আৰু ২০০ জন লোকক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে মধ্য আমেৰিকাৰ দেশ কোষ্টা ৰিকাই এতিয়া আমেৰিকাত বাস কৰা মধ্য এছিয়া আৰু ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত অচিৰেই দুই শতাধিক লোকক লৈ এখন বিমান সেই দেশলৈ ৰাওনা হ’ব।

Apply Now

সোমবাৰে কোষ্টা ৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত ভাৰত আৰু মধ্য এছিয়াৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোষ্টা ৰিকান ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ প্ৰতি তৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে এছিয়াৰ কেইবাখনো দেশে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এই পৰিস্থিতিত ট্ৰাম্প প্ৰশাসনে পানামা, কোষ্টা ৰিকা আদি মধ্য আমেৰিকাৰ দেশলৈ এনে অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত কোষ্টা ৰিকাই ভাৰত আৰু মধ্য এছিয়াৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ মাজতে বুধবাৰে আমেৰিকাৰ পৰা কোষ্টা ৰিকাত উপস্থিত হ’ব ২০০ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এখন বিমান।

ইপিনে, আমেৰিকাৰ পৰা ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা প্ৰথমখন বিমান অমৃতসৰত অৱতৰণ কৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ হয়। ভাৰতীয় নাগৰিকক শিকলি বান্ধি ৪০ ঘন্টা উৰাজাহাজত অনা ধৰণক লৈ বিৰোধীয়ে সৰৱ হৈ পৰে। কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত দাবী কৰে যে আমেৰিকান কৰ্তৃপক্ষই ভাৰতক জনাইছে যে মহিলা আৰু শিশুসকলক শিকলিৰে বান্ধি ৰখা হোৱা নাই। কিন্তু সেই বিমানখনত ঘৰলৈ উভতি অহা মহিলাসকলে দাবী কৰিছিল যে তেওঁলোকৰ কঁকাল আৰু ভৰিত শিকলি, আৰু হাতত হেণ্ডকাফ আছিল। কিন্তু আমেৰিকাৰ পৰা অহা দ্বিতীয়খন বিমান অমৃতসৰত অৱতৰণ কৰাৰ পিছত দাবী কৰা হয় যে এই বিমানত মহিলা আৰু শিশুক শিকলিৰে বান্ধি ৰখা হোৱা নাছিল।

মন কৰিবলগীয়া যে ১৬ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগত আমেৰিকাৰ পৰা আৰু ১১৯ জন অবৈধভাৱে বাস কৰা ভাৰতীয়ক লৈ অমৃতসৰত দ্বিতীয়খন আমেৰিকান বিমান অৱতৰণ কৰে। আমেৰিকাৰ পৰা বিতাড়িত এই ১১৯ জন লোকৰ ভিতৰত ৬৭ জন পঞ্জাৱৰ আৰু ৩৩ জন হাৰিয়ানাৰ। ইয়াৰ উপৰিও ঘৰলৈ উভতি অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত ৮ জন গুজৰাটৰ বাসিন্দা, উত্তৰ প্ৰদেশৰ ৩ জন, গোৱাৰ ২ জন, মহাৰাষ্ট্ৰৰ ২ জন, ৰাজস্থানৰ ২ জন, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ ১ জন।

ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বায়ুসেনাৰ বিমান অমৃতসৰত উপস্থিত হৈছিল। অমৃতসৰত অৱতৰণ কৰা বিমানখনত মুঠ ১০৪ জন ভাৰতীয় নাগৰিক আছিল। সেই বিমানেৰে ঘৰলৈ উভতি অহা বহু ভাৰতীয়ই অভিযোগ কৰিছিল যে গোটেই যাত্ৰাত তেওঁলোকৰ হাত-ভৰি শিকলিৰে বান্ধি থোৱা আছিল। আনকি মহিলাসকলকো ভৰি আৰু কঁকালত শিকলিৰে বান্ধি ৰখাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ ফলত সংসদত হুলস্থুলৰ সৃষ্টি হয়। ইয়াকে লৈ ভাৰতত বিৰাট প্ৰতিক্ৰিয়াৰ পাছত নতুন দিল্লীয়ে বিতাড়িতসকলৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত ৱাশ্বিংটনক নিজৰ উদ্বেগ প্ৰকাশ কৰে।

আনহাতে, শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে ট্ৰাম্পৰ কাষত থিয় হৈ কয়, ‘যিসকলে আন দেশত অবৈধভাৱে বাস কৰি আছে, তেওঁলোকৰ তাত থকাৰ কোনো অধিকাৰ নাই।’ ভাৰত আৰু আমেৰিকাৰ ক্ষেত্ৰত আমি আগতেও কৈছো যে যিসকল সঁচাকৈয়ে ভাৰতীয় আৰু যিসকল অবৈধভাৱে আমেৰিকাত আছে তেওঁলোকক ঘূৰাই ল’বলৈ ভাৰত সাজু।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd