• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ কটনৰ ছাত্ৰ একতাসভাৰ নিৰ্বাচন : ছাত্ৰ ৰাজনীতিৰ প্ৰচলিত দৃশ্যৰ ব্যতিক্ৰমী প্ৰচাৰ দুই প্ৰাৰ্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 6:09 pm
Cotton Election

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ এটা দৃশ্য।

1.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহতো দেশৰ সংসদীয় নিৰ্বাচনৰ ছাঁ দেখা পোৱা যায়। ফলত ছাত্ৰ নিৰ্বাচনতো দেখা যায়, নৃত্য-গীত, ভোজ-ভাত আদিৰ ব্যয়বহুল প্ৰচাৰ কাৰ্যসূচী। এই নিৰ্বাচনসমূহতো বহু ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আদিক উবুৰি খাই পৰা দেখা যায়। কিন্তু এনে ব্যয়বহুলতাৰ বিপৰীতে ব্যতিক্ৰমী প্ৰচাৰ চলোৱা দেখা গৈছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ দুজন প্ৰাৰ্থীক।

৬ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ  নিৰ্বাচনত সভাপতি আৰু উপসভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছে  ক্ৰমে ব্ৰজেন ফুকন আৰু সঞ্জয় ডেকাই।

বিশ্ববিদ্যালয়খনৰ চহিদ মোজাম্মিল হক ছাত্ৰাবাসৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰা এই ছাত্ৰ দুজনক বৰ্তমান সময়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সততে দেখিবলৈ পোৱা ব্যয়বহুলতাক নিজৰ প্ৰচাৰ অভিযানৰ মাজেৰে বিৰোধিতা কৰা দেখা গৈছে।

প্ৰচাৰৰ বাবে তেওঁলোকে একাংশ সমৰ্থকৰ সহায়ত কিছু কাৰ্টুন অংকন কৰি, বাটৰ নাট আয়োজন কৰি আৰু য়ু টিউবত গীত-মাত প্ৰচাৰ কৰি প্ৰচলিত ব্যৱস্থাসমূহৰ বিৰোধিতা কৰিছে।

এই ব্যতিক্ৰমী প্ৰচাৰ সন্দৰ্ভত সভাপতি পদৰ প্ৰাৰ্থী ব্ৰজেন ফুকনে কয়, “বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ নিৰ্বাচনৰ নামত ভোজ-ভাত খুওৱা, প্ৰচাৰ অভিযানৰ নামত লাখৰ ঘৰত টকা খৰচ কৰাৰ যি পৰম্পৰা দেখা যায় তাৰ দ্বাৰা গণতন্ত্ৰক হত্যা কৰি থকা হৈছে। কটন বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী  বিবেকৱান। গতিকে এনেদৰে প্ৰলোভন দিয়া প্ৰক্ৰিয়াটোৰ আমি বিপৰিতে থিয় দিছো।”

ইপিনে, উপসভাপতি পদৰ প্ৰাৰ্থী সঞ্জয় ডেকাই জানিবলৈ দিয়ে যে তেওঁলোকে কোনো ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ সহায় নলয়।

“বিশ্ববিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ এক নিৰ্বাচনত ৰাজনৈতিক দল আৰু ছাত্ৰ সংগঠনসমূহক পিছত ৰাখি অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন আমি অনুভৱ নকৰো।” সঞ্জয় ডেকাই কয়।

উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ এইবাৰৰ  নিৰ্বাচনত ‍১৮টা পদৰ বিপৰীতে মুঠ ৫১জনে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে দুটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd