• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কটনিয়ানৰ; আঞ্চলিক দলটোৰ বৰঘৰতে আহি চৰম সকীয়নি

"অগপ নেতৃত্বই অসম আন্দোলনৰ ৮৫৫জন চহিদক অপমান কৰিছে, গতিকে তেওঁলোকক অসমৰ ৰাইজক ক্ষমা নকৰে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 1, 2019 3:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লৈ অহা অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা একাংশ কটনিয়ানে আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয় ঘেৰা কৰে।

কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰায় ৩০জন ছাত্ৰৰ এটা দল আজি দুপৰীয়া হঠাতে আঞ্চলিক দলটোৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

প্ৰতিবাদত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিণ্টু ঠাকুৰীয়াই অগপ নেতৃত্বক কটাক্ষ কৰি কয়, “আপোনালোকে গাদী ৰক্ষা কৰিবলৈ এনেদৰে কূটকৌশল আৰু নাটক ৰচনা কৰিব নালাগে। আপোনালোকে চৰকাৰৰ সংগ ত্যাগ কৰি ওলাই আহক। আপোনালোকে আগতে ভুল কৰিছে, ৰাইজে শিক্ষা দি থৈছে, এইবাৰ এনে ভুল কৰিলে অগপক পুলিয়ে-পোখাই উভালি পেলাব।”

Cotton College Student Gherao AGP Office

অগপৰ স্থিতিক চহিদৰ প্ৰতি অপমান বুলি মন্তব্য কৰি তেওঁ আৰু কয়, “অগপ নেতৃত্বই অসম আন্দোলনৰ ৮৫৫জন চহিদক অপমান কৰিছে, গতিকে তেওঁলোকক অসমৰ ৰাইজক ক্ষমা নকৰে।”

প্ৰতিবাদৰ কথা জানিব পাৰি আৰক্ষী প্ৰতিবাদস্থলীলৈ আহে আৰু প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰে। ফলত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী ছাত্ৰসকলৰ হতা-হতিৰ সৃষ্টি হয়।

পিছত প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰসকলক চোঁচৰাই লৈ যোৱা দেখা যায়। তেওঁলোকক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ নিয়ে।

প্ৰতিবাদকাৰী ছাত্ৰসকলৰ মাজত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, জিণ্টু ঠাকুৰীয়া, হীৰকজ্যোতি বৰাকে ধৰি প্ৰায় ৩০জন ছাত্ৰ আছিল।

বিধেয়কখনক লৈ অগপৰ নেতৃত্বৰ তালি-ভুলিত অতিষ্ঠ হৈ পূৰ্বেও কিছু সংখ্যক মহিলাই দলটোৰ কাৰ্য্যালয় ঘেৰাও কৰিছিল।

ইয়াৰোপৰি একেটা কাৰণতে এজন অগপ কৰ্মীয়ে দলটোৰ মুখ্য কাৰ্য্যালয়ত তলা লগোৱাৰ দৰে ঘটনাও ঘটিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd