• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰত চাঞ্চল্য: আমৰ কাৰ্টনৰ ভিতৰত ওলাল হাজাৰ হাজাৰ বটল নিষিদ্ধ ড্ৰাগছ

তিলক প্ৰসাদ by তিলক প্ৰসাদ
July 7, 2021 4:55 pm
rtr
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদিশে ড্ৰাগছ আদি নিচা জাতীয় পদাৰ্থৰ বিৰুদ্ধে অভিযান চলি থকা সময়তে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই চাপৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে।

এক গোপন সূত্ৰৰ পমখেদি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত চলোৱা এই অভিযানত ৭৯২০ বটল ” NEW PHENSEDYL” নামৰ কফ ছিৰাপ জব্দ কৰা হৈছে।

Apply Now

পশ্চিমবঙ্গৰ ফলাকাটাৰ পৰা এছ ০১, এম্ চি ৯৩৯৮ নম্বৰৰ এখন ট্ৰাকত মুঠ ৭১ টা কৈ ডাঠ প্লাষ্টিকৰ কাৰ্টুনত অতি কৌশলপূৰ্ণ ভাবে আমৰ সৈতে এই কফ ছিৰাপৰ বটল সমূহ অনা হৈছিল।

জানিব পৰা মতে পশ্চিমবঙ্গৰ ফালাকাটাৰ পৰা অসমৰ মাজেদি ত্ৰিপুৰাৰ আগৰতলা চহৰলৈ এই কফ চিৰাপ সমূহ কঢ়িয়াই নিব বিচৰা হৈছিল।। এই সংক্ৰান্তত উক্ত মালবাহী গাড়ীখনৰ চালক ছাইফুল ইছলাম (২৭) ক আৰক্ষীয়ে আটক কৰি তদন্ত চলাই আছে।

জানিব পৰা মতে ধৃত চালক গৰাকী চাপৰ চহৰৰ নিচেই কাষত থকা বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত পশ্চিম মাজেৰআলগা গাওঁ পঞ্চায়তৰ ঝাউকুৰা গাওঁৰ বাসিন্দা হাবিজুৰ ৰহমানৰ পুত্ৰ। আমৰ সৈতে কফ ছিৰাপ বোজাই ট্ৰাক খন বহলপুৰৰ পৰা কৰায়ত্ব কৰি চাপৰ থানালৈ অনাৰ পিছত চাপৰৰ চক্ৰ বিষযা শান্তনু গগৈ , বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা , চক্ৰআৰক্ষী পৰিদৰ্শক প্ৰফুল্ল কুমাৰ দাস আৰু উপস্থিত একাংশ ৰাইজৰ সন্মুখত উক্ত গাড়ী খন খোলা হয় বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিছে।

আমৰ সৈতে কফ ছিৰাপ ধৰা পৰাৰ বাবে ৰাইজে সন্দেহ কৰিবলৈ বাধ্য হৈছে যে এনে ধৰণে কৌশল অৱলম্বন কৰি বিভিন্ন সামগ্ৰীৰ সৈতে মাৰাত্মক ড্ৰাগছ , হিৰইন আদি নিচা জাতীয় দ্ৰৱ্য ট্ৰাক আদি বাহনৰ জৰিয়তে পুলিচ- প্ৰশাসনৰ চকুত ধূলি দি সৰবৰাহকাৰী সকলে সৰবৰাহ কৰি থাকিব পাৰে ।

এই ক্ষেত্ৰত প্ৰশাসন আৰু অধিক সজাগ থাকিব লাগিব বুলি বহুতে মতপোষণ কৰিছে।

এনে ধৰণৰ মাৰাত্মক নিচা জাতীয় দ্ৰৱ্য প্ৰচল ৰোধ কৰাৰ ক্ষেত্ৰত অঞ্চল ভেদে ৰাইজ , সামাজিক আদি সংগঠনে কিছু ক্ষেত্ৰত আগবাঢি আহিব লাগিব।

চাপৰৰ বহলপুৰত কৰায়ত্ব কৰা এই কফ ছিৰাপ সমূহৰ মুঠ প্ৰায় ১১৮৮০০ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। কফ ছিৰাপৰ প্ৰতিটো বটলত ১৪০ টকা এম আৰ পি লিখা আছে। কিন্তু ইয়াৰ অবৈধ কাৰবাৰ কৰা সকলে একো একোটা বটলৰ তিনিৰ পৰা পাঁচশ টকাত বিক্ৰী কৰে বুলি বিশেষ সূত্ৰে প্ৰকাশ।

চাপৰ আৰক্ষীৰ এই অভিযানক ৰাইজে প্ৰশংসা কৰিছে।অসমৰ চৌদিশে অসম আৰক্ষী ড্ৰাগছ আদি নিচা জাতীয় টেবলেট,কফ ছিৰাপ ,গাঞ্জা , হিৰইন তথা অন্যান্য বৰবিহ সদৃশ এই দ্ৰৱ্যৰ বিৰুদ্ধে থিয় দি কঠোৰ হাতেৰে দমন কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া শলাগ লবলগীয়া ।

ৰাজ্যবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন অসম চৰকাৰ লগতে আৰক্ষী বিভাগক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd