• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ মে’ত নিৰ্বাচনৰ ফলাফল ওলাবনে?; দীঘলীয়া হ’ব পাৰে ভোট গণনাৰ প্ৰক্ৰিয়া

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 19, 2019 2:34 pm
vote-count

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত এইবাৰ কাৰ চৰকাৰ হ’ব? কোনে পাব সংখ্যাগৰিষ্ঠতা কিম্বা নতুন মিত্ৰজোঁটৰ কিবা সম্ভাৱনা আছে নেকি। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ বাবে ২৩ মে’লৈ অপেক্ষা কৰি থকাসকলে এনে উত্তৰৰ বাবে আৰু কেইদিনমান অপেক্ষা কৰিব লগীয়া হ’ব পাৰে।

ভোট গণনাৰ চূড়ান্ত ফলাফল লাভ কৰিবলৈ কিমান সময় লাগিব সেয়া কোনেও নিশ্চিতকৈ ক’ব পৰা নাই। অহা ২৩ মে’ত চূড়ান্ত ফলাফলটো নোলায়েই, ইয়াৰ বাবে আৰু কেইদিনমান ৰ’ব লগীয়া হয় সেয়াও এতিয়া ক’ব পৰা হোৱা নাই। ইয়াৰ একমাত্ৰ কাৰণ হৈছে ভিভিপেট।

Apply Now

দেশৰ ২১ টা বিৰোধী দলে দাবী কৰিছিল যে ভোট গণনাৰ সময়ত অন্তত ৫০ শতাংশ ভিভিপেট শ্লিপ মিলাই চোৱা হওক। উচ্চতম ন্যায়ালয়ত এই বিষয়ে আবেদনো জনোৱা হৈছিল। নিৰ্বাচন আয়োগৰ পৰা সৰ্বোচ্চ আদালতক জনোৱা হৈছিল যে ‘পঞ্চাশ শতাংশ ভিভিপেট শ্লিপ গণনা কৰিবলৈ বা মিলাই চাবলৈ গ’লে ফলাফল ঘোষণা কৰিবলৈ আৰু অন্তত পাঁচ দিন অধিক সময় লাগিব।‘ সেয়ে হ’লে চূড়ান্ত ফলাফল পিছুৱাই ২৮ মে’ পাবগৈ পাব পাৰে।

পুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব যদিও এইবাৰ যি পদ্ধতিত ভোট গণনা কৰা হ’ব তাত প্ৰথম ট্ৰেণ্ড জানিবলৈকে বহুত সময় লাগিব। ইমানদিনে দিনৰ বাৰ বজাৰ পৰাই ভোটগণনাৰ অগ্ৰগতি সম্পৰ্কে জানিব পৰা গৈছিল। কিয়নো প্ৰথম ৰাউণ্ডৰ গণনা শেষ হোৱাৰ লগে লগে নিৰ্বাচন আয়োগৰ কৰ্মচাৰীসকল দ্বিতীয় ৰাউণ্ডৰ গণনাৰ বাবে প্ৰস্তুতি কৰি লৈছিল।

এইবাৰ সেইটো কৰিব দিয়া নহয় বুলি আয়োগে কঢ়া নিৰ্দেশ দিছে। নিৰ্ভুল গণনাৰ লক্ষ্যত আয়োগে বিতৰ্ক পৰিহাৰ কৰিবলৈ এইবাৰ স্পষ্ট কৰি দিছে যে কোনো দৌৰাদৌৰি কৰা নচলিব। ভিভিপেট গণনাৰ ক্ষেত্ৰত যিখন টেবুলত যিটো বিধানসভা সমষ্টিৰ ইভিএম গণনা কৰা হয় তাতেই সেই কেন্দ্ৰৰ ভিভিপেট গণনা কাম কৰিব লাগিব।

আনহাতে, এইবাৰ পোষ্টেল বেলটৰ ক্ষেত্ৰতো ইলেকট্ৰনিক ট্ৰেন্সমিশ্যন ছিষ্টেম আৰম্ভ কৰা হৈছে। এইবাৰ পোষ্টেল বেলটৰ গণনা কৰা হ’ব আৰু তাৰ পাছতহে ইভিএমৰ গণনা আৰম্ভ কৰিব লাগিব।

নিৰ্বাচন আয়োগৰ সূত্ৰৰ পৰা জানিব পৰা মতে যিবোৰ সমষ্টিত ৪০০তকৈ অধিক বুথ আছে তাত ভিভিপেট গণনা কৰিবলৈ গ’লে ৮-৯ দিন সময় লাগি যাব। বৰ্তমান ভিভিপেট শ্লিপত কোনো বাৰকোড নাই গতিকে সেয়া হাতে হাতে গণনা কৰিব লাগিব। আয়োগৰ কথা হ’ল ইয়াৰ বাবে নিৰ্বাচনৰ চূড়ান্ত ফলাফল ২৩ মে’ৰ পৰিৱৰ্তে ২৮ মে’ হ’ব পাৰে।

ইপিনে, এইবাৰ ভোটগণনা কেন্দ্ৰৰ সন্মুখত ভিৰ হ্ৰাস কৰাৰ বাবে নিৰ্বাচন আয়োগে এটা বিশেষ এপ আৰম্ভ কৰিছে। ‘নিউ সুবিধা এপ’ নামেৰে নামকৰণ কৰা এই এপৰ জৰিয়তে ঘৰত বহিয়েই ফলাফলৰ বিতং তথ্য লাভ কৰিব পৰা যাব। তদুপৰি, ভোটাৰ হেল্পলাইন এপ তথা result.eci.gov.in খুলি ফলাফল জানিব পৰা যাব।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd