মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা অসম বিখ্যাত এশিঙিয়া গঁড়ৰ সংখ্যা গণনা কৰাৰ বাবে আজিৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা গণনা কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱাৰে পৰা বনৰক্ষীসকলে নটা ব্লকত বিভক্ত হৈ হাতীৰে গঁড়ৰ সংখ্যা গণনাৰ বাবে অভিযান চলাই।
বিগত সময়ত ইণ্ডিয়ান ৰাইনো ভিজন ২০২০ আঁচনিৰ অধীনত বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ পৰা মানাহলৈ পুনৰ সংস্থাপনৰ বাবে গঁড় অনা হৈছিল আৰু এই সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ প্ৰজননো হৈছে যাৰ বাবে গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে।
বৰ্তমান হাতত থকা তথ্য অনুসৰি মানাস ৰাষ্ট্ৰীয় উদ্যানত থকা গঁড়ৰ সংখ্যা হৈছে ৩৯ টা। আজি গঁড়ৰ গণনাৰ সময়ত বন বিভাগক ডব্লিউ ডব্লিউ এফ আৰু ডব্লিউ টি আইয়ে সহযোগিতা কৰে।
গঁড় গণনাৰ সময়ত নৱনিযুক্ত ক্ষেত্ৰ সঞ্চালক কমল শৰ্মাৰ লগতে বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম আৰু ভালে সংখ্যক বন বিষয়া উপস্থিত থাকি গণনা কাৰ্য্য তদৰাক কৰে।
উল্লেখযোগ্য যে, অসমৰ বন বিভাগে গঁড়ৰ সংখ্যা গণনা কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্যত এনেধৰণে কাম কৰি আহিছে। গঁড়ৰ সংখ্যা গণনাৰ ফলত বছৰটোত গঁড়ৰ প্ৰজনন কিমান হ’ল আদি তথ্য লাভ কৰিব পৰা যায়।