দেশক পিছলৈ ঠেলি জনতাক কেৱল মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতি দিছে বিজেপিয়ে! অভিযোগ অখিলেশ যাদৱৰ

Akhilesh Yadav

বিজেপিৰ শাসন কালত অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দিশত পিছপৰি গৈছে দেশ। দেশক পিছলৈ ঠেলি বিজেপিয়ে দেশবাসীক কেৱল মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতি দিছে। এই দাবী কৰিছে সমাজবাদী দলৰ মুৰব্বী অখিলেশ যাদৱে।

যাদৱে লগতে গেৰুৱা দলটোক ২০২৪ চনৰ নিৰ্বাচনত জনসাধাৰণে দিল্লীৰ পৰা উৎখাত কৰিব বুলিও দাবী কৰে। ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ শাসক-বিৰোধী উভয়েই ৰণনীতি সাজু কৰাৰ সময়তে বিজেপিক এই সকীয়নি দিছে যাদৱে।

যাদৱৰ অভিযোগ মতে দেশৰ শাসনত অধিষ্ঠিত থকা বিজেপি দলে কেৱল ধনী লোকৰ বাবে কাম কৰি সাধাৰণ নাগৰিকক মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতিহে দিছে।

“দৰিদ্ৰতা, নিবনুৱা সমস্যা, ক্ষুধা আৰু মুদ্ৰাস্ফীতিৰ উপৰিও বিজেপিয়ে সাধাৰণ জনতাক ঘৃণাৰ ৰাজনীতি দিছে। বিজেপিয়ে কেৱল ধনীক অধিক ধনী কৰি তুলিলে। বিজেপি শাসনৰ অধীনত দেশখন অৰ্থনৈতিক, সামাজিক, মানসিক আৰু ৰাজনৈতিকভাৱে বহু বছৰ পিছুৱাই গৈছে।”- হিন্দী ভাষাত এক টুইটযোগে এইদৰে কয় যাদৱে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আটাইকেইখন আসনতে গেৰুৱা দল বিজেপিক পৰাস্ত কৰি দিল্লীৰ মচনদৰ পৰা উৎখাত কৰিব বুলিও সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে বিজেপিক সকীয়াই দিছে।

উল্লেখ্য যে কিছু দিন পূৰ্বেও যাদৱে বিজেপিক শাসনৰ পৰা উৎখাত কৰাৰ সকীয়নি দিছিল। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনলৈ মাত্ৰ ৪০০ দিন বাকী আছে বুলি মন্তব্য কৰাৰ পিছত সাৱধানবাণী শুনাইছিল যাদৱে।

মোদীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলেশ যাদৱে শাসকীয় বিজেপি দলে এতিয়া দিন গণনা কৰিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছিল। মাজত আৰু ৩৯৯ টা দিন আছে আৰু ইয়াতকৈ এটা দিনো বিজেপি ক্ষমতাত নাথাকিব বুলি হুংকাৰ দিছিল যাদৱে।

ভাৰত ৰাষ্ট্ৰ সমিতিৰ প্ৰথমখন ৰাজহুৱা সভাত বক্তব্য ৰাখি যাদৱে ৩৯৯ দিনৰ পিছত বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব আৰু ৪০০ সংখ্যক দিনত নতুন চৰকাৰ গঠন হ’ব বুলি দাবী কৰিছিল।

এই বক্তব্যতো যাদৱে শাসকীয় বিজেপিয়ে জাতিটোক পিছলৈ ঠেলি আহিছে বুলি অভিযোগ কৰিছিল আৰু সকলো প্ৰগতিশীল নেতাই একত্ৰিত হৈ দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰিছিল।