NORTHEAST NOW (Assamese)

৪ লাখ টকাৰ উৎকোচ লৈ এহাল দম্পত্তিক হত্যা কৰি গ্ৰেপ্তাৰ হ’ল এজন বিজেপি নেতা, ক’ত?

May 14, 2021 4:00 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

বিজেপি নেতাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটা দম্পত্তিৰ ক্ষত-বিক্ষত দেহ।

ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ মালদা জিলাৰ গাজোল নামৰ ঠাইখনত।

আৰক্ষীয়ে বিজেপি নেতাজনক এই সংক্ৰান্তত আটক কৰিছে।

আৰক্ষীয়ে জনোৱামতে, স্থানীয় বিজেপি নেতা কৃষ্ণকমল অধিকাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা দম্পত্তিহালৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

গৌতম সৰকাৰ (৩৫) আৰু তাপসী সৰকাৰ (৩০) নামৰ দম্পত্তিহালে উত্তৰ দিনাজপুৰ জিলাৰ ইটাহাৰ থানাৰ বাংগাৰ অঞ্চলত বাস কৰে।

গৌতমৰ ডিঙিত চোকা অস্ত্ৰ আঘাত পোৱা গৈছে।

দম্পত্তিহালৰ পৰিয়ালে অভিযোগ কৰামতে, যোৱা ৮ মে’ তাৰিখে এটা চৰকাৰী প্ৰশিক্ষণ দিয়াৰ নাম লৈ দম্পত্তিহালক ঘৰৰ পৰা বিজেপি নেতাজনে লৈ যায়।

তাৰপাছতে দম্পত্তিহালৰ কোনো শুংসূত্ৰ পোৱা নগ’ল।

আনকি মোবাইলৰ চুইচো অফ কৰি থোৱা আছিল।

তাৰপাছতে বাংগাৰ অঞ্চলৰ বাসিন্দাসকলে ১২ মে’ তাৰিখে বিজেপি নেতাজনৰ বাসগৃহ ঘেৰাও কৰে।

স্থানীয় ইটাহাৰ থানাত দম্পত্তিহালৰ আত্মীয়সকলে অভিযোগো দাখিল কৰে।

বৃহস্পতিবাৰে আবেলি বিজেপি নেতাজনৰ বাসগৃহৰ পৰা দম্পত্তিহালৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱামতে, অভিযুক্ত বিজেপি নেতাজনক আটক কৰা হৈছে।

দম্পত্তিহালৰ পৰিয়ালৰ অভিযোগমতে, বিজেপি নেতাজনে তাপসী সৰকাৰক নাৰ্চৰ চাকৰি দিয়াৰ নামত ৪ লাখ টকা উৎকোচ লৈছিল।

আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

Related News