NORTHEAST NOW (Assamese)

ভেলেন্টাইন ডে’ৰ দিনাই হাতীৰ পিঠিত উঠি বিবাহপাশত আৱদ্ধ হ’ল ৫০ৰো অধিক প্ৰেমিক-যুগল

February 14, 2021 5:50 pm · এন ই নাও নিউজ
Updated: February 14, 2021 5:56 pm

আজি ভেলেন্টাইন ডে’। আজি সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকাসকলৰ মাজতে উছাহৰ অফুৰন্ত ঢৌ।

প্ৰেমৰ নামত উছৰ্গিত আজিৰ এই দিনটোতে বিশ্বৰ এখন দেশত আয়োজন কৰা হয় এক বিষেশ বিবাহ অনুষ্ঠানৰ।

থাইলেণ্ডত অয়োজন কৰি অহা এই সমজুৱা বিবাহ অনুষ্ঠানত দৰা-কাইনাই হাতীৰ পিঠিত উঠি ভেলেন্টাইন ডে’ উদযাপন কৰে।

থাইলেণ্ডৰ চৌনবুৰি প্ৰদেশৰ পশ্চিম বেংককৰ নং নৌচ ট্ৰপিকেলত আয়োজন কৰা এই বিশেষ সমজুৱা বিবাহ অনুষ্ঠানত দৰা-কইনাক সুসজ্জিত হাতীৰ পিঠিত কেৱল উঠিবলৈ দিয়াই নহয়, হাতী উঠি ভ্ৰমণ কৰি থকাৰ সময়তে বিবাহিত দম্পতীক বিয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

ৰয়টাৰ-এ প্ৰকাশ কৰা বাতৰি অনুসৰি এইবাৰৰ এই বিবাহ অনুষ্ঠানত ৫২ যোৰা প্ৰেমিক-প্ৰেমিকাই হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰি বিবাহপাশত আৱদ্ধ হৈছে আৰু তেওঁলোকক হাতীৰ পিঠিত উঠি থকাৰ সময়তে বিবাহৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

বিবাহিত দম্পতীসকলক হাতীৰ পিঠিত উঠাই শোভাযাত্ৰাও উলিওৱা হয়।

“মই বহুদিনৰ পৰাই অপেক্ষা কৰি আছিলো যে আজিৰ দিনটোতে আমাৰ বিবাহৰ প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিম। এই কাৰ্যসূচীটো সঁচাই অনন্যসুন্দৰ।” ২৬ বৰ্ষীয় পাটিফাট পেন্থানোন নামৰ দৰাজনে কয়।

উল্লেখ্য যে নং নৌচ ট্ৰপিকেলত আয়োজন কৰা এই বিশেষ সমজুৱা বিবাহ অনুষ্ঠানত প্ৰতিবাৰে ১০০ৰো অধিক প্ৰেমিক যুগলে বিবাহপাশত আৱদ্ধ হৈ আহিছে। কিন্তু এইবাৰ কোভিড মহামাৰীৰ বাবে ৫২ যোৰা প্ৰেমিক যুগলতে এই বিবাহৰ অনুষ্ঠান সীমাৱদ্ধ ৰখা হয়।

ইফালে কঠোৰভাৱে কোভিড প্ৰটকল মানি চলি এইবাৰৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি নং নৌচ ট্ৰপিকেল গাৰ্ডেনৰ পৰিচালন সঞ্চালক কাম্পন টানাছাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

Related News