প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মা আৰু পত্নীৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ আদালতৰ

index-10-1140x570

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মা। ফটো : ইন্টাৰনেটৰ সৌজন্যত

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান খগেন শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে থকা এক গোচৰৰ তদন্ত চি বি আইক অৰ্পন কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মহানগৰীৰ পল্টনবজাৰ থানাৰ এটা গোচৰৰ ভিত্তিত ন্যায়ালয়ে এই  নিৰ্দেশ দিছে।

যোৱা ৪ মে’ত ন্যায়াধীশ সঞ্জয় কুমাৰ মেধীৰ আদালতে অসম চৰকাৰক এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ২০০৯ চনত পল্টন বজাৰ থানাত মাগনী দেৱী জৈন নামৰ এগৰাকী মহিলাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়া খগেন শৰ্মা আৰু তেওঁ পত্নী বন্দনা শৰ্মা বিৰুদ্ধে মাটি দখল সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ইয়াৰ তদন্তৰ ভাৰ অসম আৰক্ষীৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়া বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।

আদালতে অসম আৰক্ষীৰ তদন্তকাৰী সংস্থাৰ ওচৰত থকা এই গোচৰ সম্পৰ্কীয় যি তথ্য আছে সেয়া ১৫ দিনৰ ভিতৰত চি বি আইক হস্তান্তৰ কৰিবলৈও নিৰ্দেশ দিছে। লগতে অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তাক এই তদন্তৰ দায়িত্ব চি বি আইক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, মাগনী দেৱী জৈনৰ নামত থকা মহানগৰীৰ উলুবাৰী মৌজাৰ এবিঘা একঠা ১২ লেচা মাটি কোনো লোকে বলপূৰ্বক দখলৰ চেষ্টা চলাইছিল। ১৯৬০ চনৰ পৰা মাগনী দেৱী জৈনৰ মালিকানাধীন সেই মাটিখিনিৰ এটা অংশত ইন্দ্ৰ সিং ডেল নামৰ লোকজন কেয়াৰ টেকাৰ হিচাপে আছিল।

পৰৱৰ্তী সময়ত ২০০৯ চনত এগৰাকী মহিলাৰ নেতৃত্বত এটা দলে মাটিখিনিৰ মালিকীস্বত্ব দাবী কৰি ইন্দ্ৰ সিং ডেলক ভয় ভাবুকি প্ৰদান কৰা বুলি মাগনী দেৱীয়ে অভিযোগ কৰিছিল। সেই মহিলাগৰাকী খগেন শৰ্মাৰ পত্নী বন্দনা শৰ্মা বুলি প্ৰকাশ পাইছিল।

এই ঘটনাৰ মাজতেই ২০১০ চনৰ ৭ এপ্ৰিলত ইন্দ্ৰ সিং ডেল নামৰ কেয়াৰ টেকাৰ জনৰ অপহৰণ হয় তাৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। পাছত ইন্দ্ৰ সিং ডেলৰ পুত্ৰ পৰমজিৎ সিঙে দাখিল কৰা এজাহাৰত খগেন শৰ্মাৰ মানুহে ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছিল।

এই ঘটনা সন্দৰ্ভত দীৰ্ঘদিনৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ পাছত ই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।