ৰাজপথত আৰক্ষীৰে হতাহতি: আদালতে মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ জামিন

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে এগৰাকী মটৰচাইকেল আৰোহীক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ।

পত্নী-সন্তানৰ সন্মুখতে কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে আৰক্ষীয়ে আক্ৰমণ কৰিছিল বিকি গুপ্তা নামৰ লোক জনক।

আত্মৰক্ষাৰ উদ্দেশ্যে লোক জনেও আৰক্ষীক আক্ৰমণ কৰিছিল।

আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগতে বিকি গুপ্তাত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

আজি বিকি গুপ্তাৰ পত্নীৰ আবেদনৰ ভিত্তিত কামৰূপৰ ন্যায়িক দণ্ডাধীশৰ আদালতে বিকি গুপ্তাৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য সমগ্ৰ ঘটনাটোৱে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে ৰাজপথত মটৰচাইকেল আৰোহীৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা যান-বাহন আৰক্ষী ফকৰুদ্দিন আহমেদক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল৷

পল্টনবজাৰ থানাত যান-বাহন আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত আছিল ফকৰুদ্দিন আহমেদ।

আহমেদে এজন মটৰ চাইকেল আৰোহীক ৰাজপথতে প্ৰহাৰ কৰিছিল আৰু পিছত ঘটনাস্থলীত উপস্থিত থকা আন আৰক্ষীকেইগৰাকীয়েও মটৰচাইকেল আৰোহীজনক প্ৰহাৰ কৰি কৰায়ত্ত কৰিছিল।

ইপিনে, পল্টন বজাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ চন্দ্ৰ ডেকাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তেওঁক ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিছিল।