NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰি : ৰাকেশ পাল, বসন্ত দলেৰ জামিন আৱেদন পুনৰ নাকচ

August 31, 2018 7:43 am · এন ই নাও নিউজ
অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পাল। ফাইল ফটো

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কেলেংকাৰিৰ মূল অভিযুক্ত নিলম্বিত অধ্যক্ষ ৰাকেশ পালে জামিন বিচাৰি পুনৰবাৰ আদালতত মুখথেকেচা খাবলগীয়া হয়। তেওঁৰ লগতে আয়োগৰ আন এগৰাকী সদস্য সতীৰ্থ বসন্ত দলেও জামিন বিচাৰি আদালতত নিৰাশ হ’বলগীয়া হয়।

বৰ্তমান কাৰাবন্দী হৈ থকা অসম লোকসেৱা আয়োগৰ নিলম্বিত প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু নিলম্বিত সদস্য বসন্ত কুমাৰ দলেৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে বিশেষ আদালতে দুয়োজন অভিযুক্তৰে জামিন আৱেদন নাকচ কৰে।

উল্লেখযোগ্য যে কৃষি বিভাগৰ জিলা কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰত দুয়ো সম্প্ৰতি কাৰাবন্দী হৈ আছে। লোকসেৱা আয়োগৰ জৰিয়তেই উক্ত কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ সময়তো তেওঁলোকে বৃহৎ ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত চলাই থকা ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে তদন্তৰ শেষ পৰ্যায়ত উপনীত হোৱা বুলি জানিব পৰা গৈছে। অচিৰেই দুজন ৰাজপত্ৰিত বিষয়াৰ লগতে কেইজনমান দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথাও আৰক্ষীয়ে প্ৰকাশ কৰিছিল। আৰক্ষীয়ো সোনকালেই এই কেলেংকাৰিৰ তদন্তৰ সামৰি অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে।

Related News