• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচটনিমূলক মন্তব্য : নগাঁও আদালতত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গোচৰ জ্যেষ্ঠ অধিবক্তাৰ

মিণ্টু দাস by মিণ্টু দাস
August 31, 2018 6:52 am
Shiladitya-Dev-678x381

বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই বিধান সভা সমষ্টি তথা বিজেপি দলৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে সততে সংবাদ মাধ্যমৰ আগত কৰি অহা কেতবোৰ সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি যোৱা ৫ আগষ্টত নগাঁৱৰ আব্দুল জলিল আকন্দ নামৰ এগৰাকী যুৱকে নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ তৰিছিল আৰু নগাঁও আৰক্ষীয়ে মাত্ৰ এটা সাধাৰণ ধাৰাত গোচৰটি ৰুজু কৰাৰ অভিযোগ উঠিছে।

এনে অভিযোগ উত্থাপন হোৱাৰ পিছত একাংশ সচেতন লোকে বিষয়টো সহজভাবে লোৱা নাই। যাৰ বহি:প্ৰকাশ স্বৰূপে এইবাৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আৰক্ষী থানাৰ পৰিৱৰ্তে নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বুধবাৰে এক আবেদন দাখিল কৰিছে এগৰাকী জ্যেষ্ঠ অধিবক্তাই।

Apply Now

নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ বাসিন্দা ইনামূল হুদা নামৰ অধিবক্তাজনে দাখিল কৰা আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে আদালতে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১২০-বি, ১৫৩, ১৫৩-এ, ২৯৫-এ, ৫১১ আৰু তথ্য প্ৰযুক্তি আইন – ২০০০ ৰ ৬৫-এ ধাৰাৰ অধীনত চি আৰ, ৭৮৪/১৮ নম্বৰ মৰ্মে গোচৰটি পঞ্জীয়ন কৰিছে।

অভিযোগকাৰীগৰাকীয়ে দাখিল কৰা আবেদন অনুসৰি, বিধায়ক শিলাদিত্য‌ই বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা এন আৰ চিৰ ওপৰত কেতবোৰ মিছা, ভুল, বিভ্ৰান্তিকৰ আৰু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। শিলাদিত্যই মূলতঃ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে এন আৰ চি এক অভিশাপ, এন আৰ চি কাগজৰ খেল, এন আৰ চিৰ সদ্য প্ৰকাশিত চূড়ান্ত খচৰা তালিকাত ১.১০ কোটি অবৈধ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হৈছে, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজিত ৫৫ হেজাৰ কৰ্মচাৰীৰ ৩০ হেজাৰেই অসমবিৰোধী, অসমক পৰিকল্পিতভাবে ইছলামিক ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত কৰাৰ দুই ধৰণৰ ষড়যন্ত্ৰ চলিছে আদি কেতবোৰ বিতৰ্কিত মন্তব্য।

যি সময়ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মাধ্যমৰ আগত এন আৰ চি সম্পৰ্কীয় কেতবোৰ মন্তব্য প্ৰকাশ কৰাৰ কাৰণে যোৱা ৭ আগষ্টত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰোহিতন ফলি নৰিমনৰ আদালতে ককৰ্থনা কৰিছে, সেই সময়ত অকৰ্তৃত্বশীলভাবে এন আৰ চিকলৈ সাম্প্ৰদায়িক আৰু বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰি অসমত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ অহৰহ প্ৰয়াস কৰিছে‌ এইগৰাকী বিধায়কে।

আনকি, এইবোৰ মন্তব্য প্ৰকাশ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘৃণা আৰু বিদ্বেষভাৱ বিয়পাব বিচাৰিছে বিধায়কজনে। ইমানেই নহয়, বিধায়ক শিলাদিত্য‌ই প্ৰকাশ কৰা ভয়ংকৰ মন্তব্যসমূহ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত শিলাদিত্য‌ই নিজেই নিজৰ ন্যস্তস্বাৰ্থ অক্ষুন্ন ৰখাৰ স্বাৰ্থত সেইসমূহ ফেচবুক, টুইটাৰ, ইউ-টিউব আদিত আপলোড কৰি বিভিন্ন ধৰণে অপপ্ৰচাৰ চলাইছে।

বৃহস্পতিবাৰে এজাহাৰকাৰী ইনামুল হুদাৰ সাক্ষ্যগ্ৰহণ কৰিছে সংশ্লিষ্ট আদালতে। অচিৰেই বিধায়ক শিলাদিত্যকো আদালতত সোঁ‌ শৰীৰে হাজিৰ হ’বলৈ চমন জাৰি কৰিব বুলি হুদাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আদালতে পৰৱৰ্তী সময়ত বিতৰ্কিত বিধায়কগৰাকীৰ ওপৰত কি ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd