NORTHEAST NOW (Assamese)

উচ্চ আসনত থকাসকলৰ সুৰক্ষাৰ স্বাৰ্থত গাপ দিয়াৰ চেষ্টা দুই মহিলাৰ মৃত্যুক! যোগী চৰকাৰক তুলাধুনা প্ৰিয়ংকা গান্ধীৰ

February 16, 2023 10:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2023 9:37 am

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত বুলড’জাৰ নীতিৰ অধীনত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানত কানপুৰত মাতৃ-কন্যাৰ মৃত্যুৰ পাছতে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ। দুই মহিলাৰ মৃত্যুক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। উচ্ছেদ অভিযানৰ সময়ত দুই মহিলাৰ মৃত্যুক উত্তৰ প্ৰদেশ প্ৰশাসনে গাপ দিয়াৰ মনোভাৱ দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰিছে গান্ধীয়ে।

এক টুইট যোগে প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰে উচ্চ আসনত থকাসকলক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত মহিলা দুগৰাকীৰ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে। কিন্তু ভুক্তভোগী দুই মহিলাৰ পৰিয়ালৰ লগত এনে অন্যায় হ’বলৈ দিয়া নহ’ব বুলি তেওঁ উত্তৰ প্ৰদেশ চৰকাৰ সকীয়াই দিয়ে আৰু এনে নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰে।

“এটা দৰিদ্ৰ পৰিয়ালৰ জুপুৰি ভাঙি পেলোৱা হ’ল আৰু পৰিয়ালৰ দুগৰাকী সদস্যৰ মৃত্যু হ’ল, কিন্তু তথাপিও বিজেপিয়ে ঘটনাটোত পুনৰ গাপ দি ৰখাৰ মনোভাৱ দেখুৱাইছে। বিশেষ তদন্ত দলো এতিয়া অযোগ্য হৈ উঠিছে আৰু উচ্চ আসনত থকাসকলক সুৰক্ষা দিয়া হৈছে। আমি ভুক্তভোগীৰ পৰিয়ালৰ লগত অন্যায় হ’বলৈ নিদিওঁ। বিজেপি চৰকাৰে এই নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব।”— টুইটটোত তেওঁ কয়।


ইফালে কংগ্ৰেছৰ আনগৰাকী শীৰ্ষস্থানীয় নেতা তথা প্ৰিয়ংকা গান্ধীৰ ভাতৃ ৰাহুল গান্ধীয়েও এই ঘটনাক কেন্দ্ৰ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। গান্ধীয়ে মহিলা দুগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বিজেপি চৰকাৰক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ লগত তুলনা কৰিছে আৰু বুলড’জাৰ নীতিক বিজেপিৰ নিষ্ঠুৰতাৰ প্ৰতীক বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে আৰম্ভ কৰা বুলড’জাৰ নীতিৰ আধাৰত কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযানত এগৰাকী মাতৃ আৰু কন্যা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে।

মৃতকৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰি তেওঁলোকৰ ঘৰত জুই লগাই দিয়া হৈছিল বুলি দাবী কৰিছে। আনহাতে আৰক্ষীয়ে মহিলা দুগৰাকীয়ে নিজেই গাত জুই লগাইছিল বুলিহে দাবী কৰে।

লক্ষণীয়ভাৱে সোমবাৰে চৰকাৰী বিষয়াসকলে কোনো জাননী অবিহনেই বুলড’জাৰেৰে ‘ভিলেজ চছাইটি’ৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। স্থানীয় লোকে অভিযোগ কৰিছে যে আৰক্ষীয়ে অঞ্চলটোৰ জুপুৰিবোৰত জুই লগাই দিছিল।

এনে কাৰ্যৰ পৰিণামতে ৪৫ বছৰীয়া প্ৰমীলা দীক্ষিত আৰু তেওঁৰ ২০ বছৰীয়া কন্যা নেহা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। এই ঘটনাত প্ৰমীলাৰ পুত্ৰ শিৱম ৰক্ষা পৰে যদিও প্ৰমীলাৰ স্বামী অগ্নিদগ্ধ হয়।

শিৱমৰ অভিযোগ মতে ঘৰৰ ভিতৰত মানুহ সোমাই থকা স্বত্বেও আৰক্ষীয়ে ঘৰত জুই লগাই দিছিল। এই নিৰ্দয় ঘটনা জিলা দণ্ডাধীশৰ সন্মুখত সংঘটিত হৈছিল যদিও তেওঁ প্ৰতিবাদ কৰা নাছিল বুলি শিৱমে অভিযোগ কৰিছে।

ইফালে মহিলা দুগৰাকীৰ মৃত্যুৰ লগে লগে স্থানীয় লোকসকলে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয় আৰু আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিছতে অঞ্চলটোত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১৩ জন লোকৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ পিছত বিৰোধীয়ে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ গৰিহণা দিছে। বিৰোধীৰ সমালোচনাৰ পাছতে মুখ্যমন্ত্ৰী যোগীয়ে ভুক্তভোগী মহিলা দুগৰাকীৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাই ঘটনাৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছে।

Related News