• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বাল্য বিবাহ বন্ধৰ নামত অসমত এইবোৰ কি বহুৱালি চলিছে!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 16, 2023 8:54 am
child marriage in Assam
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাল্য বিবাহ যে এক সামাজিক ব্যাধি সেই সম্পৰ্কে আমাৰ মাজত কোনো দ্বিমত নাই। কোনো যুৱক-যুৱতীয়ে যদি বিবাহযোগ্য সময়ৰ আগতে বিয়া পাতিব বিচাৰে তেওঁলোকৰ পৰিয়ালৰ মানুহ, অভিভাৱক, বন্ধু-বান্ধৱ বা ওচৰ-চুবুৰীয়াই তাত বাধা দিয়া উচিত। বাল্য বিবাহ বন্ধ কৰাৰ বাবে আইনৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু কেৱল আইন প্ৰণয়ন কৰিয়ে বাল্য বিবাহ বন্ধ কৰিব পৰা নাযায়। যিবোৰ কথাৰ কাৰণে এতিয়াও আমাৰ সমাজত বাল্য বিবাহ চলি আছে, প্ৰথমে আমি সেইবোৰ চিনাক্ত কৰি উলিয়াব লাগিব। তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিলেহে আমাৰ মাজৰ পৰা বাল্য বিবাহ নোহোৱা হ’ব। কিন্তু বাল্য বিবাহ ৰোধ কৰাৰ নামত সম্প্ৰতি অসমত যি এক আতংকৰ সৃষ্টি কৰা হৈছে তাৰ উদ্দেশ্য কি?

যোৱা কিছুদিনৰ ভিতৰত হাজাৰ হাজাৰ লোকক বাল্য বিবাহৰ কাৰণে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হৈছে। এইখিনিতে আমাৰ মনত প্ৰশ্ন হয়। বাল্য বিবাহৰ কাৰণে যে ইমানবোৰ মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মূল উদ্দেশ্য কি? এই ক্ষেত্ৰত কিবা নীতি-নিয়ম মানি চলা হৈছেনে? কেতিয়া বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে? তাৰ কিবা সময়-সীমা আছে নে নাই? বাল্য বিবাহৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰোঁতে কিবা জাত-পাত বা সম্প্ৰদায়ৰ বাচ-বিচাৰ কৰা হৈছে নেকি? আনহাতে কিবা কাৰণে বাল্য বিবাহ কৰা পুৰুষজনক বিচাৰি উলিয়াব নোৱাৰিলে তেওঁৰ পৰিয়ালৰ অন্য মানুহক গ্ৰেপ্তাৰ কৰা হৈছে নেকি?

Apply Now

বাল্য বিবাহৰ নামত ইমানবোৰ মানুহক যে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মূল উদ্দেশ্য বাল্য বিবাহ বন্ধ কৰা বুলি আমাৰ মনে নধৰে। কিয়নো, কি নীতিৰ ভিত্তিত এই মানুহবোৰক গ্ৰেপ্তাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট নহয়। কিমান বছৰ আগতে বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে, সেইটো কোৱা হোৱা নাই। কিন্তু ‘বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬’(Prohibition Of Child Marriage Act, 2006) আৰু ‘যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন ২০১২’ (Protection of Children From Sexual Offences Act, 2012) ৰ ভিত্তিত যিহেতু মানুহবোৰক গ্ৰেপ্তাৰ কৰা হৈছে, আমি পৰোক্ষভাবে ২০০৬চনকে গ্ৰেপ্তাৰৰ সময় সীমা বুলি ধৰি ল’ব পাৰোঁ। তাৰমানে আজিৰ পৰা ১৭ বছৰ আগেয়ে বাল্য বিবাহ কৰা লোককো চৰকাৰে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰে।

আজিৰ পৰা ১৭ বছৰ আগতে বিয়া কৰোৱা লোকক যদি এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়, ১৭ বছৰ কিয় পাঁচ বছৰ আগতে বিয়া হোৱা আৰু ল’ৰা-ছোৱালী জন্ম দিয়া লোককো যদি এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়, সি জানো পৰিয়ালটোলৈ এক হাহাকাৰ নমাই নানিব? এনেকুৱা খবৰো ওলাইছে যে বাল্য বিবাহ কৰোৱা ল’ৰাক নাপায় বয়সীয়া দেউতাকক গ্ৰেপ্তাৰ কৰি আনি পুলিচ থানাত ৰখা হৈছে। এইবোৰ আইন সন্মত কথা হয়নে? বাল্য বিবাহ মূলতঃ যিহেতু এটা সামাজিক ব্যাধি, যিবোৰ সম্প্ৰদায়ৰ মানুহ সাধাৰণতে শিক্ষা বা সংস্কাৰৰ পৰা দূৰৈত থাকে, আৰু যিবোৰ সম্প্ৰদায়ৰ মানুহ আৰ্থ-সামাজিকভাবে পিছপৰা সেইবোৰ মানুহৰ মাজতে বেছিকৈ বাল্য বিবাহৰ প্ৰচলন দেখা যায়। অসমত সেই সম্প্ৰদায় সমূহ হ’ল প্ৰধানকৈ সংখ্যালঘু পমুৱা মুছলমান, চাহ জনগোষ্ঠী আৰু জনজাতীয় লোক সকল। বাল্য বিবাহত লিপ্ত লোক সকলক গ্ৰেপ্তাৰ কৰাৰ সময়ত এই সমূহ জনগোষ্ঠীৰ লোককেই বেছিকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।

কিন্তু তাক লৈ গোটেইখন জাঙুৰ খাই উঠোঁতে, হঠাত জনগোষ্ঠীয় লোক সকল আৰু চাহ জনগোষ্ঠীৰ লোক সকলৰ প্ৰতি প্ৰশাসনৰ দৃষ্টিভংগী যেন কিছু শিথিল হ’ল। তেওঁলোকক জামিন দিয়াৰ ব্যৱস্থা কৰিলে। এতিয়া চৰকাৰৰ লক্ষ্য যেন কেৱল সংখ্যালঘু পমুৱা মুছলমান সকলহে হৈ পৰিল। ইয়াৰ কাৰণ দুটাঃ আগতে উল্লেখ কৰা ধৰণে আৰ্থ-সামাজিক কাৰণতে পমুৱা মুছলমান সকলৰ মাজত শিক্ষিত লোকৰ সংখ্যা কম আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। কিন্তু জনগোষ্ঠীটোৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰো এতিয়া আগৰ তুলনাত কমি আহিছে। পিছে, বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থতে সদায় মুছলমানৰ আগ্ৰাসনৰ কথা কৈ আহিছে।

তেওঁলোকে অনবৰতে কৰি থকা প্ৰচাৰ হ’ল- কম বয়সতে বিয়া কৰাই এপালমান ল’ৰা-ছোৱালী জন্ম দি ‘মিঞা’ই ওৰফে ‘মোগলে’ ‘আমাৰ হিন্দু সকলক’ সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰত নামিছে। গতিকে ‘মিঞা’ৰ জনসংখ্যা বৃদ্ধি বন্ধ কৰাবই লাগিব। জোৰ-জবৰদস্তি কৰি হ’লেও ‘মিঞা’ৰ মাজত বাল্য বিবাহ বন্ধ কৰাব লাগিব। আচলতে ‘মিঞা’ৰ মাজত বাল্য বিবাহ বন্ধ হোৱা নোহোৱাটো ডাঙৰ কথা নহয়। তেনে জোৰদাৰ উদ্যোগ এটা লোৱা দেখুৱাই সাধাৰণ হিন্দু মানুহৰ মাজত এনে এটা মনোভাব সৃষ্টি কৰিব লাগিব যে ‘বিজেপিৰ চৰকাৰখন হিন্দুৰ স্বাৰ্থত কাম কৰা চৰকাৰ। যি পৰিস্থিতিয়ে নাহক কিয় আমি সদায় এই চৰকাৰৰ পক্ষে থাকিব লাগিব। এওঁলোকৰ পক্ষে নিৰ্বাচনত ভোট দিব লাগিব। ’ গতিকে বাল্য বিবাহকলৈ কৰা হুলস্থূলৰ মূল উদ্দেশ্য হ’ল হিন্দু ভোট ধৰি ৰখা।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd