• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন: ভোটাৰৰ মিশ্ৰিত সঁহাৰি, পুনৰ চৰকাৰ গঠনৰ আশা মুখ্যমন্ত্ৰী মাণিক সাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 11:42 am
Tripura assembly election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ বাবে আৰম্ভ হয় ভোটগ্ৰহণ। ভোটাৰৰ মিশ্ৰিত সঁহাৰিৰ মাজেৰে পুৱা ৯ বজালৈকে ১৩.৯২ শতাংশ ভোটাৰে ভোটদান কৰিছে বুলি জানিব পৰা গৈছে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, মুঠ ৩৩৩৭ টা ভোট কেন্দ্ৰৰ প্ৰতিটোতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলসমূহৰ পৰা এজনতকৈ অধিক প’লিং এজেণ্টে দায়িত্ব পালন কৰিছে।

Apply Now

“এয়া অভূতপূৰ্ব। পুৱা ৭ বজাৰ পৰা আটাইকেইটা বিধানসভা সমষ্টিতে ভোটগ্ৰহণ আৰম্ভ হয় আৰু পুৱা ৯ বজালৈকে ভোটাৰৰ হাৰ ১৩.৯২ শতাংশ। সঠিকভাৱে কাম নকৰা ইভিএমসমূহ অভিযন্তাসকলে তাৎক্ষণিকভাৱে সলনি কৰে। পুৱাৰ ভাগত সকলো ভোটকেন্দ্ৰতে দীঘলীয়া শাৰী দেখা যায়।”- বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে, ভোটগ্ৰহণ প্ৰক্ৰিয়াত স্বচ্ছতাৰ বাবে ৩৩৩৭ টা ভোট কেন্দ্ৰকে ৱেব কাষ্টিং আৰু মাইক্ৰ’ পৰ্যবেক্ষকৰ দ্বাৰা সামৰি লোৱা হৈছে। ৰিটাৰ্ণিং অফিচাৰ, জিলা দণ্ডাধীশ আৰু নিৰ্বাচন আয়োগৰ পৰ্যায়ত এই লাইভ ষ্ট্ৰীমিং নিৰীক্ষণ কৰা হয়।

“ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ভোটাৰৰ উৎসাহ ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনত বিৰাজ কৰা শান্তিপূৰ্ণ পৰিৱেশৰ ইংগিত। ত্ৰিপুৰাৰ ভোটাৰৰ মাজত আস্থাবোধ স্থাপন কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছিল।”– বিষয়াগৰাকীয়ে কয়।

উল্লেখ্য যে এই নিৰ্বাচনত প্ৰায় ৩১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে ১৯ গৰাকীৰ মনোনয়ন নাকচ কৰাৰ পৰিৱৰ্তে প্ৰায় ৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। নিৰ্বাচনত মুঠ ২৫৯ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইয়াৰ ভিতৰত ২৮ গৰাকী প্ৰাৰ্থী তৃণমূল কংগ্ৰেছৰ, বিজেপিৰ ৫৫, কংগ্ৰেছৰ ১৩, আইপিএফটিৰ ৬ জন, টিপ্ৰাই ৪২ জন, চিপিআই-এমৰ ৪৩ জন, চিপিআই, চিপিআই-এমএল, এআইএফবি, টিএছপি, আৰএছপিৰ ১ জনকৈ, ৭ গৰাকী প্ৰাৰ্থী স্বীকৃতি নোপোৱা দল আৰু স্বতন্ত্ৰ দলৰ পৰা আন ৫৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

এই নিৰ্বাচনত সমগ্ৰ ত্ৰিপুৰাৰ প্ৰায় ৩৩৩৭ টা ভোটকেন্দ্ৰত ২৮ লাখ ১৩ হাজাৰ ভোটাৰে নিজৰ মতদান কৰিব। এইবাৰ প্ৰায় ৮০ হাজাৰ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। নিৰ্বাচনত প্ৰায় ১১,০০০ মহিলা ভোটাৰৰ নাম প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে। আনহাতে তৃতীয় লিংগৰ ৭৭ গৰাকী ভোটাৰে ভোটদান কৰিব।

ইফালে বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী হৈ আছে বিজেপি নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাণিক সাহাই। বিগত নির্বাচনতকৈ এইবাৰ বিজেপিয়ে ভাল প্রদর্শন কৰিব বুলি দাবী কৰিছে মাণিক সাহাই৷

“নিৰ্বাচনত বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি মই এশ শতাংশ আত্মবিশ্বাসী। যোৱাবাৰৰ তুলনাত দলে হয়তো অধিক আসন পাব।”— মুখ্যমন্ত্রী সাহাই কয়৷ উল্লেখ্য যে, মাণিক সাহাই টাউন বৰদোৱালি সমষ্টিৰ পৰা ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd