NORTHEAST NOW (Assamese)

অসমত ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে জৰিমনা

May 6, 2020 5:23 pm · দীপজ্যোতি শৰ্মা
মন্ত্ৰী পিযুষ হাজৰিকাৰ ফাইল ছবি।

অসমৰ স্বাস্থ্য বিভাগে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ বাবে শীঘ্ৰে নিয়ম জাৰি কৰিব।

“ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে  ৫০০টকাৰ জৰিমনা ভৰিব লগা হ’ব বুলি আজিয়েই হয়তো স্বাস্থ্য বিভাগে এটি আইন আনিব,” গুৱাহাটীত বুধবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কনিষ্ঠ চিকিৎসক সন্থাৰ ৰক্তদান শিবিৰ মুকলি  কৰি মন্ত্ৰী হাজৰিকাই এই কথা সদৰী কৰে৷

শিৱিৰটোত প্ৰায় ২০০ গৰাকী কনিষ্ঠ চিকিৎসকে ৰক্তদান কৰে।

কৰ’না ভাইৰাছৰ দুৰ্যোগৰ সময়ত কনিষ্ঠ চিকিৎসক সন্থাই লোৱা এই পদক্ষেপক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে।

“এই পদক্ষেপে দুৰ্যোগৰ সময়ত সকাহ দিব বুলি আশা কৰিছো,” হাজৰিকাই কয়।

আনহাতে অসমত ক’ভিড-১৯ৰ সমস্যা এতিয়াও সমাধান হোৱা নাই বুলি মন্তব্য কৰি তেওঁ সকলো জনসাধৰণক সজাগ হৈ থকাৰ আহ্বান জনায়।

ইপিনে তেওঁ জানিবলৈ দিয়ে যে কোকৰাঝাৰত মঙ্গলবাৰে চিনাক্ত হোৱা  কৰনা আক্ৰান্ত ৰোগী গৰাকী কোচবিহাৰৰ পৰা অহাৰ পিছতে কোৱাৰেণ্টাইনত আছিল।

বৰ্তমান তেওঁক এম এম চি এইচত চিকিৎসা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে বাহিৰৰ পৰা অহা লোকৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ সীমাত বিশেষ ব্যৱস্থা কৰাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে।

“বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ কোৱাৰেণ্টাইন শিবিৰ ইতিমধ্যেই নিৰ্মাণ সম্পূৰ্ণ হৈছে,” মন্ত্ৰীগৰাকীয়ে জনায়।

Related News