NORTHEAST NOW (Assamese)

চীনত এটা দিনতে ১০০ টা কোভিড১৯ পজিটিভ; চীনৰ দাবী আক্ৰান্তসকল বিদেশৰ পৰা অহা লোক

April 13, 2020 4:13 pm · এন ই নাও নিউজ
Updated: April 13, 2020 4:19 pm

চীনত পুনৰ মাত্ৰ এটা দিনতে কোভিড১৯ৰ পজিটিভ কেচ ধৰা পৰিছে। মাত্ৰ এটা দিনতে দেশখনত ধৰা পৰিছে ৯৯ জন ক’ৰ’না সংক্ৰমিত লোকৰ।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ(NHC)ৰ মতে যোৱা শনিবাৰে দেশখনত ১,২৮০ জন লোক বিদেশৰ পৰা চীনত উপস্থিত হৈছিল। এই লোকসকলক কোৱাৰান্টেইন কৰি ইয়াৰে ৪৮১ জন লোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হয় যদিও ৭৯৯ জন লোকক এতিয়াও চিকিৎসালয়তে ৰখা হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এইসকল লোকৰ মাজৰে ৯৯ জন লোকৰ শৰীৰত একেদিনাই ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

উল্লেখ্য যে চীনত ক’ৰ’না সংক্ৰমণ বন্ধ হোৱাৰ বাবে ইতিমধ্যে দেশখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা হৈছিল।

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল হাৱেই প্ৰদেশৰ ৰাজধানী য়ুহান চহৰতো স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল চীন চৰকাৰে।

কিন্তু তাৰ পিছতো চেগা চৰুকাকৈ কোবিড১৯ৰ পজিটিভ লোক পোৱা গৈছে চীনত।

যোৱা শনিবাৰে NHCৰ মুখপাত্ৰ মি ফেঙৰ উদ্ধৃতি দি চীনা সংবাদ এজেন্সি জিঙহুৱাই কয় যে দেশখনত ক’ৰ’না প্ৰতিৰোধৰ বাবে ৰাজহুৱা জন সমাগম পুনৰ এৰাই চলিবলৈ জনগণক আহ্বান জনোৱা হৈছে।

ইফালে চৰকীৰ সূত্ৰৰ উদ্ধৃতি সংবাদ এজেন্সিটোৱে কয় যে আক্ৰান্তসকল হংকঙ, মাক্কাও আৰু টাইৱানৰ পৰা চীনলৈ আহিছিল।

Related News