• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোগান বিভাগৰ নিৰ্দেশৰ পাছতো বোকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰাদাম; হিতাধিকাৰীৰ ৫ কেজি চাউলতো মধ্যভোগীৰ চকু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 13, 2020 4:13 pm

2 min read

Onion

বিলাহী

22.7k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুবীয়ে গোলাঘাটলৈ আহি কোনো লোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ পাছতো গৰু বিহুৰ দিনাখন বোকাখাতৰ বজাৰত চিৰা, বৰা আৰু চকোৱা চাউল ৮০ ৰ পৰা ১২০ টকা, গুৰ ৮০ টকা, তিল ১৮০ পৰা ২০০ টকাত বিক্রী হয় ।

ইপিনে, মধ্যভোগী এচাম দালালৰ বাবে পাচলিৰ দামো বৃদ্ধি পাইছে। বোকাখাতত নগাঁৱৰ পৰা অহা পাচলিৰ বিক্ৰী প্ৰশাসনে বন্ধ কৰি স্থানীয় পাচলিৰ ব্যৱস্থা কৰিছিল যদিও একাংশ বেপাৰীয়ে প্ৰশাসনৰ চকুত ধুলি মাৰি এতিয়া নগাঁৱৰ পৰা অনা পাচলি বোকাখাতৰ বজাৰত মুকলিকৈ বিক্ৰী কৰি আছে ৷

বিভিন্ন বেপাৰীয়ে সংগোপনে অনা এই পাচলিবোৰক বোকাখাতৰ স্থানীয় পাচলি বুলি বিক্ৰী কৰি আছে।

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ মৰিয়াহোলাত কুইন্টলে কুইন্টলে কৃষকৰ বিলাহী নষ্ট হোৱাৰ পাচতো তেনে সময়ত বোকাখাত বজাৰত ২০ টকা দৰত বাহিৰৰ বিলাহী বিক্রী হৈ আছে।

বোকাখাতত আলু প্ৰতিকেজিত ২০ টকা দৰত বিক্রী কৰিবলৈ মহকুমা প্রশাসনে মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো ঠাই বিশেষে ২৩/২৫ টকা দৰত আলু বিক্ৰী হৈ আছে।

ল’কডাউনৰ সুবিধা লৈ স্থানীয় কৃষকক মাধমাৰ শোধাই মধ্যভোগী ব্যৱসায়ীয়ে বুঢ়া আঙুলি প্রদর্শন কৰিছে কৃষি মন্ত্রী আৰু যোগান মন্ত্ৰীৰ আশ্বাসক।

আনহাতে, বোকাখাতৰ যোগান বিভাগ বৰ্তমানো নিদ্ৰামগ্ন অৱস্থাত আছে । যোগান বিভাগৰ নিৰ্দেশ মতে সমবায় সমিতিৰ এজেন্টবোৰে প্ৰতিজন হিতাধিকাৰীক দিব লগা ৫ কিলোগ্ৰাম চাউলৰ ঠাইত ২/৩ কিলোগ্ৰাম চাউল দি বাকী ৰাহি চাউলৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিছে ৷

এই বিষয়ত হিতাধিকাৰী সকলে বোকাখাত মহকুমাৰ যোগান বিভাগক জনোৱাৰ পাছতো বৰ্তমানলৈ তেওঁলোকে কোনোধৰণৰ সুফল লাভ কৰা নায়।

কেন্দ্রীয় চৰকাৰে উজ্বলা গেছৰ হিতাধিকাৰী সকলক বিনামূলীয়াকৈ গেছৰ যোগান ধৰাৰ কথা ঘোষণা কৰি হিতাধীকাৰী সকলৰ বেংক একাউণ্টত ৭৬৩ টকা জমা কৰে যদিও বোকাখাতৰ এইছ পি গেছ এজেন্সিৰ নীতি বহিৰ্ভূতভাৱে চলি থকা চাব এজেণ্টসমূহে প্ৰতিটো চিলিণ্ডাৰৰ নামত ৮৭০ টকা আদায় লোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ল’কডাউনৰ সময়ত দুখীয়াৰ মুখৰ ভাত কাঢ়ি খোৱা চাউলৰ পৰা পাচলি আৰু গেছ ব্যৱসায়লৈকে থকা দালাল বোৰক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবৰ বাবে মহকুমাধিপতিক অনুৰোধ জনাইছে স্থানীয় জনসাধাৰণে ৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd