NORTHEAST NOW (Assamese)

কেৱল মানৱ শৰীৰতে নহয়, জন্তুৰ শৰীৰতো কৰোনাৰ সংক্ৰমণ : কেবাটাও সিংহ আক্ৰান্ত; ক’ত?

May 4, 2021 8:57 pm · এন ই নাও নিউজ
Updated: May 4, 2021 9:02 pm

দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন্য জন্তুৰ শৰীৰতো ধৰা পৰিছে কৰোনাৰ অৱস্থিতি।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি হায়দৰাবাদৰ এখন চিৰিয়াখানাত থকা আঠটা এছিয়াটিক সিংহ আক্ৰান্ত হৈছে কৰোনাত।

চেন্টাৰ ফ’ৰ চেলুলাৰ এণ্ড ম’লেচুলাৰ বায়’লজি-এ ২৯ এপ্ৰিলত প্ৰকাশ কৰা অনুসৰি নেহৰু জ’ল’জিকেল পাৰ্ক(NZP)ত থকা সিংহবোৰৰ আৰটি-পিচিআৰ পৰীক্ষাত কৰাৰ অন্তত আঠটা সিংহৰ কৰোনা পজিটিভ পোৱা গৈছে।

ইফালে NZPৰ কিউৰেটৰ ডাঃ সিদ্ধানন্দ কুক্ৰেটিয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও দ্য ইক’নমিক টাইমছ আগত কয়, “এইটো সত্য যে কিছুমান সিংহৰ শৰীৰত কোৰোনাৰ লক্ষণে দেখা দিছে, কিন্তু এতিয়ালৈকে মই আৰটি-পিচিআৰ ৰিপ’ৰ্ট লাভ কৰা নাই। সেয়ে এই বিষয়ে সঠিকৈ মন্তব্য কৰিব নোৱাৰিম।”

আনহাতে ৱাইল্ড লাইফ ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰ(WRTC)ৰ সঞ্চালক ডাঃ শিৰীষ উপাধ্যায়ে কয় যে ব্ৰনক্স চিৰিয়াখানাৰ আঠটা সিংহৰ কৰোনা পিজিটিভ পোৱা গ’লেও আন সিংহবোৰৰ ৰিপ’ৰ্ট এতিয়াও লাভ কৰা নাই।

উপাধ্যায়ৰ মতে পূৰ্বে হংকঙৰ কুকুৰ আৰু মেকুৰীৰ শৰীৰতো এই ভাইৰাছবিধ পোৱা গৈছিল।

প্ৰকাশ পোৱা বাতৰি মতে NZPত থকা ১২ টা সিংহৰ ভিতৰত চাৰিটা মাইকী আৰু চাৰিটা মতা সিংহৰ শৰীৰত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে।

ইয়াৰ পিছতে NZPক দুদিন পৰ্যটকৰ বাবে বন্ধ কৰা হয়। আনহাতে সম্প্ৰতি NZPৰ ২৫ গৰাকীকৈ কৰ্মচাৰীৰ শৰীৰতো কোভিড১৯ৰ অৱস্থিতি ধৰা পৰিছে।

Related News