NORTHEAST NOW (Assamese)

ক’ভিড-১৯ : দেশত মুঠ আক্ৰান্তৰ তুলনাত মাত্ৰ ২.৮০ শতাংশহে সক্ৰিয় ৰোগী

December 24, 2020 10:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰিছে যদিও আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটি ১ লাখৰ ঘৰ।

আক্ৰান্তৰ সংখ্যা দিনক দিনে হ্ৰাস পোৱাত সক্ৰিয় ৰোগীৰ সংখ্যাও অভাৱনীয়ভাৱে হ্ৰাস পাব ধৰিছে।

জানিব পৰা মতে, ভাৰতত যোৱা ২৪ ঘণ্টাত ২৪,৭১২ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ ফলত দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,০১,২৩,৭৭৮ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত এই ভাইৰাছবিধৰ ফলত ৩১২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত দেশত ক’ৰ’নাৰ ফলত ১,৪৬,৭৫৬ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বৃহস্পতিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি বুধবাৰৰ দিনটোত ২৯,৭৯১ গৰাকী ৰোগী ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে।

চীনৰ পৰা সম্প্ৰসাৰিত এই ভাইৰাছবিধৰ কৱলৰ পৰা এই পৰ্যন্ত ৯৬,৯৩,১৭৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

দেশত এতিয়া ২,৮৩,৮৪৯ গৰাকী সক্ৰিয় ৰোগী আছে।

উল্লেখ্য যে, দেশত মুঠ আক্ৰান্তৰ তুলনাত মাত্ৰ ২.৮০ শতাংশহে সক্ৰিয় ৰোগী বুলি জনাইছে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি বুধবাৰে দেশত ১০.৩৯ লাখৰো অধিক লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

দেশত এই পৰ্যন্ত সৰ্বমুঠ ১৬.৫৩ কোটি লোকৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে বুলি জানিব পৰা যায়।

Related News