এদিনত কৰ’নাভাইৰাছ আক্ৰান্তৰ সৰ্বাধিক বৃদ্ধি, কাৰণ নিজামুদ্দিন কাণ্ড

Mediical

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্ত চৰকাৰী হিচাপমতে বুধবাৰে নিশালৈকে ১৮৩৪ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত ৪১ গৰাকীৰ মৃত্যু ঘটিছে আৰু ১৪৪ গৰাকী সুস্থ হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বুধবাৰলৈকে কেৱল ২৪ ঘণ্টাৰ ভিতৰত ৪৩৭ গৰাকী নতুন ৰোগী চিনাক্ত হৈছে। এই সংখ্যা বৰ্তমানলৈকে এদিনত চিনাক্ত হোৱা সৰ্বাধিক সংখ্যা।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে সদৰী কৰা মতে হঠাতে অধিক কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱাটো কোনো ৰাষ্ট্ৰীয় ট্ৰেণ্ড নহয়।

নিজামুদ্দিনৰ জামাতত অংশ লোৱাসকল দেশৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰাৰ ফলতে এই সংখ্যা বৃদ্ধি পাইছে।

অসমতো যোৱা ৪৮ ঘণ্টাত ১৬ গৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। দিল্লীত চিকিৎসাধীন হৈ আছে অসমৰ আন চাৰিগৰাকী।

এই সকলো লোকেই নিজামুদ্দিনৰ জামাতত অংশ ল’বলৈ গৈছিল।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই সামাজিক দূৰত্ব চলিবলৈ আৰু ধৰ্মীয় সমাৱেশ আদি এৰাই চলিবলৈ সকলোকে আহ্বান জনাইছে।

দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা নিজামুদ্দিনৰ জামাতৰ ঘটনাৰ পিছতে কেন্দ্ৰই সকলো ৰাজ্যকে জাননী দিছে আৰু কণ্টেক্ট ট্ৰেচিং আৰু টেষ্টিং কৰিবলৈ নিৰ্দেশ দিছে।

আগৰৱালাই লগতে জনাই যে দিল্লীৰ সমাৱেশখনৰ সৈতে সম্পৰ্ক থকা ১৮০০ লোকক নটা কুৱাৰেণ্টাইন কেন্দ্ৰ আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

কৰ’না মহামাৰীৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰি লাভ আগৰৱালাই কয় যে ভাৰতীয় ৰেলৱেই ২০,০০০ ৰেলত ৩.২ লাখ আছুতীয়া বিচনাৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰি আছে।

এই দিশত ইতিমধ্যে ৫০০০ ৰেলত কাম আৰম্ভ কৰা হৈছে। 

আগৰৱালাই লগতে জনাই যে অসামৰিক বিমান মন্ত্ৰ্যালয়ে পৰীক্ষাৰ সঁজুলি, দৰৱ, মাস্ক আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবে লাইফলাইন বিমানৰ চালনাও আৰম্ভ কৰিছে।