NORTHEAST NOW (Assamese)

COVID-19 : প্ৰশিক্ষণৰ বাবে GMCH লৈ অহা নাৰ্চক ঘূৰাই পঠিয়ালে নলবাৰীলৈ

March 31, 2020 1:28 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ অসম চৰকাৰে চিকিৎসক, নাৰ্চ আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভিন্ন ক্ষেত্ৰত মনোনিৱেশ কৰিবলগীয়া এই প্ৰশিক্ষণ ব্যৱস্থা ৰাজ্যৰ ভিন্ন অঞ্চলত অনুষ্ঠিত হ’ব।

পৰ্যায়ক্ৰমে এনেধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা আৰম্ভ হোৱাৰ সময়তে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ মতে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ্চ)ত প্ৰশিক্ষণৰ বাবে নলবাৰীৰ পৰা আহিছিল ৩০ গৰাকী বি এছ চি নাৰ্চ। কিন্তু নাৰ্চ কেইগৰাকীয়ে গোটেই দিনটো হাস্পতাল চৌহদতে ৰ’বলগীয়া হয়।

‘প্ৰশিক্ষণ গ্ৰহণৰ বাবে নাৰ্চৰ এটা দল ৰাতিপুৱাতেই GMCH লৈ আহিছিল, কিন্তু তেওঁলোকক কোনো বিষয়াই সাক্ষাৎ নকৰিলে আৰু তেওঁলোক গোটেই দিনটো ৰৈ থাকিবলগীয়া হয়’, নাৰ্চ এগৰাকীৰ অভিভাৱকে এইদৰে অভিযোগ কৰে।

অভিভাৱক গৰাকীয়ে লগতে কয় যে আবেলি সময়ত এগৰাকী বিষয়া আহি তেওঁলোকৰ থকাৰ বাবে কোনো ব্যৱস্থা নকৰা বুলি জানিবলৈ দি নাৰ্চৰ দলটোক নলবাৰীলৈ উভতি যাবলৈ কয়।

ইফালে এই অভিযোগ সন্দৰ্ভত GMCH ৰ অধীক্ষকে কয়, ‘অভিভাৱকৰ এই অভিযোগে প্ৰমাণ কৰে যে এনেধৰণৰ জৰুৰী অৱস্থাত তেওঁৰ দেশ সেৱা কৰাৰ মানসিকতা অলপো নাই’।

‘স্বাস্থ্য কৰ্মী হিচাপে আমি সকলোৱে এই মহামাৰী প্ৰতিৰোধৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি আছো’, তেওঁ লগতে এইদৰে কয়।

Related News