• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

COVID-19 : প্ৰশিক্ষণৰ বাবে GMCH লৈ অহা নাৰ্চক ঘূৰাই পঠিয়ালে নলবাৰীলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2020 1:28 pm

1 min read

Story-3-14-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

25.9k
VIEWS
Share on FacebookShare on Twitter

দেশত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ অসম চৰকাৰে চিকিৎসক, নাৰ্চ আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভিন্ন ক্ষেত্ৰত মনোনিৱেশ কৰিবলগীয়া এই প্ৰশিক্ষণ ব্যৱস্থা ৰাজ্যৰ ভিন্ন অঞ্চলত অনুষ্ঠিত হ’ব।

পৰ্যায়ক্ৰমে এনেধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা আৰম্ভ হোৱাৰ সময়তে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ মতে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ্চ)ত প্ৰশিক্ষণৰ বাবে নলবাৰীৰ পৰা আহিছিল ৩০ গৰাকী বি এছ চি নাৰ্চ। কিন্তু নাৰ্চ কেইগৰাকীয়ে গোটেই দিনটো হাস্পতাল চৌহদতে ৰ’বলগীয়া হয়।

‘প্ৰশিক্ষণ গ্ৰহণৰ বাবে নাৰ্চৰ এটা দল ৰাতিপুৱাতেই GMCH লৈ আহিছিল, কিন্তু তেওঁলোকক কোনো বিষয়াই সাক্ষাৎ নকৰিলে আৰু তেওঁলোক গোটেই দিনটো ৰৈ থাকিবলগীয়া হয়’, নাৰ্চ এগৰাকীৰ অভিভাৱকে এইদৰে অভিযোগ কৰে।

অভিভাৱক গৰাকীয়ে লগতে কয় যে আবেলি সময়ত এগৰাকী বিষয়া আহি তেওঁলোকৰ থকাৰ বাবে কোনো ব্যৱস্থা নকৰা বুলি জানিবলৈ দি নাৰ্চৰ দলটোক নলবাৰীলৈ উভতি যাবলৈ কয়।

ইফালে এই অভিযোগ সন্দৰ্ভত GMCH ৰ অধীক্ষকে কয়, ‘অভিভাৱকৰ এই অভিযোগে প্ৰমাণ কৰে যে এনেধৰণৰ জৰুৰী অৱস্থাত তেওঁৰ দেশ সেৱা কৰাৰ মানসিকতা অলপো নাই’।

‘স্বাস্থ্য কৰ্মী হিচাপে আমি সকলোৱে এই মহামাৰী প্ৰতিৰোধৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি আছো’, তেওঁ লগতে এইদৰে কয়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd