NORTHEAST NOW (Assamese)

পূৰ্বৰ নিৰ্দেশনা বাতিল: অসমৰ ৰে’ল ষ্টেছন, বিমান বন্দৰত অব্যাহত থাকিব যাত্ৰীৰ কোভিড পৰীক্ষা

February 27, 2021 7:48 am · এন ই নাও নিউজ
Updated: February 27, 2021 7:53 am

ভবা হৈছিল ক’ৰ’ণাই হয়তো আমাৰ লগ এৰিবলৈ লৈছে।

কিন্তু সেই আশাত চেঁচাপানী ঢালি শেহতীয়াকৈ দেশৰ বহু কেইখন ৰাজ্যত পুনৰ ক’ৰ’ণাই ভয়াৱহ ৰূপত মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে।

অসমতেো ক’ৰ’ণাত নিতৌ বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

এনে পৰিস্থিতিত অসম চৰকাৰে পুনৰ ৰাজ্যৰ ৰে’ল ষ্টেছেন আৰু বিমান বন্দৰ সমূহত কোভিডৰ পৰীক্ষা বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

দেশত কোভিড পৰিস্থিতিৰ উন্নতি হোৱালৈ চাই  ১ মাৰ্চৰ পৰা অসমৰ ৰে’ল ষ্টেছন আৰু বিমান বন্দৰসমূহত ক’ৰ’ণাৰ পৰীক্ষা বন্ধ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে পূৰ্বে জাননী জাৰি কৰিছিল যদিও সেই জাননী বাতিল কৰি ৰে’ল ষ্টেছন আৰু বিমান বন্দৰত কোভিডৰ পৰীক্ষা কৰোৱাব লাগিব বুলি নতুনকৈ জাননী জাৰি কৰিছে।

ৰাজ্য চৰকাৰে চলিতবৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত জাৰি কৰা পূৰ্বৰ জাননী খন বাতিল কৰি নতুনকৈ জাৰি কৰা জাননীত এইবুলি কৈছে—‘কোভিডৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে যদিও বৃহৎ সংখ্যক লোকক ভেকচিন প্ৰদান কৰোতে কিছু সময়ৰ প্ৰয়োজন হ’ব।সেয়ে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ধৰণৰ সাৱধানতা মানি চলাটো প্ৰয়োজনীয় হৈ পৰিছে’।

Related News