শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশে দুই জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

শোণিতপুৰ জিলাৰ ৰাইজৰ জনস্বাস্থ্য, পৰিচ্ছন্নতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ স্বাৰ্থত এই নিৰ্দেশ জাৰি কৰা হৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সদৰী কৰা মতে যোৱা দহ দিনত কামৰূপ মেট্ৰ জিলাত ২৭৪১গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

শনিবাৰে অসমত চিনাক্ত হোৱা ১২০২গৰাকী ক’ভিড পজিটিভ ৰোগীৰ ৭৭৭ গৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ।

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ১১,০০১গৰাকী।

বৰ্তমানলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪২৪১গৰাকী।

বৰ্তমানলৈ ৬৭৪৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত এতিয়ালৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৪গৰাকী ৰোগীৰ মৃত্যু হৈছে, তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।