NORTHEAST NOW (Assamese)

আজিৰে পৰা আৰম্ভ হ’ল ক’ভিড টিকাকৰণৰ নাম পঞ্জীয়ন, কি কি কৰিব লাগিব আপুনি?

April 28, 2021 6:19 pm · এন ই নাও নিউজ
Updated: April 28, 2021 6:23 pm
(প্ৰতিনিধিত্বমূলক ফটো)

দেশজুৰি ১ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ কোভিড টিকাকৰণ আৰম্ভ হ’ব।

১৮ বছৰ পৰা ৪৪ বছৰৰ বয়সীয়াল সকলো লোকেই ল’ব পাৰিব এই টিকা।

আজি বুধবাৰৰ আবেলি ৪ বজাৰ পৰা আৰম্ভ হৈছ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া।

কেন্দ্ৰীয় চৰকাৰে ১৯ এপ্ৰিলত জাৰি কৰা নিৰ্দেশাৱলীমতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

‘আৰোগ্য সেতু এপ’ৰ তৰফৰ পৰা এই সংক্ৰান্তত এটা টুইট কৰা হৈছ।

টুইটটোত কোৱা হৈছ যে, ১৮ বছৰৰ ঊৰ্ধৰ লোকসকল টিকা ল’ব বিচাৰিলে আবেলি ৪ বজাৰ পৰা cowin.gov.inত গৈ নামপঞ্জীয়ন কৰক।

বিনামূলীয়া এই নাম পঞ্জীয়ন একেটা মোবাইল নাম্বাৰৰ পৰা চাৰিজন লোকে কৰিব পাৰিব।

আৰোগ্য সুেত এপ অথবা উমংগ এপযোগেও নামভৰ্তি কৰা যাব।

ৰাজ্য চৰকাৰ অথবা বেচৰকাৰী ক’ভিড কেন্দ্ৰৰ পৰা সেই অনুসাৰে আবেদনকাৰীসকলক টিকা ল’বলৈ মতা হ’ব।

চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে তৃতীয় দফাৰ টিকাকৰণৰ বাবে ভেকচনি প্ৰস্তুতকাৰীসকলে ৫০ শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰক দিব লাগিব।

বাকী ৫০ শতাংশ প্ৰস্তুতকাৰীসকল ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহলৈ সৰবৰাহ কৰিব পাৰিব।

এই তৃতীয় দফাৰ টিকাকৰণ ‘নেচনলে ভেকচিনেচন প্ৰোগ্ৰেম’ৰ আওতাত কাৰ্যকৰী কৰা হ’ব।

টিকাকৰণৰে কেন্দ্ৰসমূহত ভেকচিনসমূহৰ ষ্টক আৰু দাম লিখি ৰখা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড নিয়মাৱলী অনুসৰিয়েই কৰা হ’ব টিকাকৰণ।

অৱশ্যে স্বাস্থ্যকৰ্মী, ফ্ৰণ্ট লাইন কৰ্মী আৰু ৪৫ বৰ্ষৰ ঊৰ্ধৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰী টিকাকেন্দ্ৰত বিনামূল্যে টিকাপ্ৰদান কৰা হ’ব।

Related News