NORTHEAST NOW (Assamese)

৯১৪লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

October 27, 2020 10:23 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯১৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপৰ মিলন চন্দ্ৰ দাস (৫০) আৰু কমলেশ্বৰ দাস (৪৩), বিশ্বনাথৰ অম্লান দাস (৪৫), ডিব্ৰুগড়ৰ অমৰেন্দ্ৰ কুমাৰ শৰ্মা (৬৮), গোলাঘাটৰ লখি কাকু (৪৫) আৰু তিনিচুকীয়াৰ ৰতন আগৰৱাল (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৯০৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৮৮,৫৮৪গৰাকী ব্যক্তিয়ে অসমত সোমবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১৪,৮৯১ (।)

মুঠ ২,০৪,৩৮৬গৰাকী ব্যক্তি অসমত সোমবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News