NORTHEAST NOW (Assamese)

অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২ গৰাকীলৈ বৃদ্ধি

September 14, 2020 9:42 pm · এন ই নাও নিউজ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে।

আজি অসমত পুনৰ ১৩ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২ গৰাকীলৈ বৃদ্ধি পালে।

আজি মৃত্যু হোৱা লোক সকলৰ ভিতৰত শিৱসাগৰৰ দিলীপ কুমাৰ বৰুৱা(৫৯), ৰশ্মি হাতিকাকটি(২৬), ধেমাজীৰ নিলাম্বৰ মিলি(৭৫), ডিব্ৰুগড়ৰ প্ৰফুল্ল কোঁচ(৬৫), ধুবুৰীৰ বিনোদ ৰয়(৪১), দৰঙৰ কুমুদ চহৰীয়া(৭৫),যোৰহাটৰ ৰবীন্দ্ৰ কুমাৰ দাস(৬৮) আৰু ৰবীন সোণোৱাল(৬০), গোলাঘাটৰ প্ৰিয়ংকা শইকীয়া(২৪)।

ইয়াৰ উপৰি, কামৰূপ মহানগৰ জিলাৰ বিপুল চন্দ্ৰ দাস(৪০), ওদালগুৰিৰ হেমচন্দ্ৰ ডেকা(৬৫), বিমলেন্দু দত্ত(৫৮) আৰু নগাঁৱৰ গোপাল শৰ্মা(৭৩)।

অসমত বৰ্তমানলৈ মুঠ ১৪১৭৬৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ১১৩১৩৩ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

বৰ্তমান ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২৮১৫৮ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

Related News