NORTHEAST NOW (Assamese)

টীয়ক FRU ত ক’ভিডত আক্ৰান্ত মহিলাৰ মৃত্যু

May 21, 2021 2:33 pm · নিৰ্মলেন্দু পাঠক
Updated: May 21, 2021 2:39 pm

টীয়কবাসীৰ একমাত্ৰ চিকিৎসাৰ ভৰসা কেন্দ্ৰ টীয়ক FRU ত আজি এগৰাকী ক’ভিড আক্ৰান্ত মহিলাৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে যোৰহাট গৰখীয়া দ’লৰ দ গাঁৱৰ কণমাই শইকীয়া নামৰ ৫৫ বছৰীয়া মহিলাগৰাকী কালি টীয়কৰ জগদুৱাৰ গায়ন গাঁৱৰ জীয়েকৰ ঘৰলৈ আহিছিল।

জীয়েকৰ ঘৰতে শাৰীৰিকভাবে অসুস্থ হোৱাত স্বাস্থ্য পৰীক্ষাৰ বাবে টীয়ক FRU লৈ আহিছিল ।
কিন্তু চিকিৎসালয় পাওঁতেই মহিলাগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৃত মহিলাগৰাকীক ক’ভিড পৰীক্ষা কৰাত ক’ভিডৰ উপস্থিতি তেওঁৰ শৰীৰত ধৰা পৰিছে।

মহিলাগৰাকীৰ লগত অহা তেওঁৰ আত্মীয়ৰ দেহত অৱশ্যে ক’ভিড নিগেটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে।

Related News