NORTHEAST NOW (Assamese)

বোকাখাতত জটিল হৈ পৰিছে কোভিডৰ সংক্ৰমণ : এজন স্বাস্থ্য কৰ্মীৰ মৃত্যু

May 13, 2021 7:15 am · উত্তম শইকীয়া
Updated: May 13, 2021 12:58 pm

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো জটিল ৰূপ লৈছে কোভিডৰ ভয়াৱহ সংক্ৰমণে৷

বোকাখাত মহকুমাত কোভিডৰ সংক্ৰমণত আক্ৰান্তৰ সংখ্যা ৫০৬ জনলৈ বৃদ্ধি পাইছে৷ ইফালে কভিডত আক্ৰান্ত নাগিনা বৈঠা নামৰ এজন স্বাস্থ্যকৰ্মীৰ বৃহস্পতিবাৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷

ইয়াকে লৈ বোকাখাতত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে৷

কোভিড সংক্ৰমণত মৃত্যু হোৱা নাগিনা বৈঠা বোকাখাতৰ ছহিদ কমলা মিৰি হস্পিতালৰ কৰ্মচাৰী আছিল৷ মৃত নাগিনা বৈঠা বোকাখাত নগৰৰ হস্পিতাল ৰোডৰ বাসিন্দা আছিল৷

কোভিডত আক্ৰান্ত নাগিনা বৈঠাক বোকাখাতৰ পৰা গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল৷

উল্লেখ্য কোভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌত বোকাখাতত এই পৰ্যন্ত কোভিডত আক্ৰান্ত হৈ ৩ জনৰ ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে বহিঃ ৰাজ্যত কৰ্মৰত ৪ জন যুৱকৰ মৃত্যু হৈছে৷

Related News