NORTHEAST NOW (Assamese)

কৰ’ণা ৰোধৰ বাবে টীয়ক প্ৰশাসনৰ RAT টেষ্টৰ পদক্ষেপ গ্ৰহণ

June 12, 2021 3:17 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত তথা টীয়ক পৌৰসভা,টীয়ক আৰক্ষী থানা আৰু টীয়ক FRU চিকিৎসালয়ৰ সহযোগত শনিবাৰে নগৰখনৰ বিভিন্ন জনবহুল এলেকাত তথা ব্যৱসায়ীসকলৰ মাজত কভিডৰ ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে এই পদক্ষেপে বিশেষকৈ নগৰখনত কৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনে।

ইপিনে টেষ্টৰ তুলনাত আক্ৰান্তৰ হাৰ তেনেই নগণ্য হোৱাত নগৰখনৰ বৰ্তমান কভিড পৰিস্থিতি নিয়ন্ত্ৰণ আছে বুলি জানিবলৈ দিছে আৰু যি দুই এজন পজিটিভ ৰোগী ওলাইছে সেইসকলক কভিড কেয়াৰ ৱাৰ্ডলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

Related News