বেয়াৰ মাজতো কেতবোৰ ভাল খবৰে দেশবাসীক এতিয়া সামান্য ভাবে হ’লেও আশাৰ ৰেঙণি দেখুৱাইছে।
দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই মাৰাত্মক ৰোগৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাও লক্ষণীয় ভাবে বাঢ়িছে।
এয়া নিঃসন্দেহে ভালৰ চিন। দেশত আজিৰ দিনটোত ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাই ৬৫ লাখৰ ঘৰ পাৰ কৰে।
ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৫,২৪,৫৯৬ গৰাকী ।
উল্লেখ্য শীতৰ আগমণৰ লগে লগে ক’ৰ’ণাৰ সংহাৰ বৃদ্ধি পাব বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি থকাৰ সময়তে ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।
দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬২,২১২ গৰাকী লোক। ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৩৭ গৰাকী।
সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৪ লাখৰ ঘৰ।
ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭৪,৩২,৬৮১ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৭,৯৫,০৮৭ গৰাকী।
এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,১২,৯৯৮ গৰাকী লোকৰ।