বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷
জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ১২ জনকৈ ৰোগী ৷
জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ ৩৭ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৯ জনলৈ বৃদ্ধি পাইছে ৷
ইয়াৰ ভিতৰত ১১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৬ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
জিলাখনত বুধবাৰে মুঠ ৩,৯৬৩ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷
জিলাখনত ১ মাৰ্চৰ পৰা ৭ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,০৭৪ জন হৈছে ৷