NORTHEAST NOW (Assamese)

ৰাজ্যত আজিৰ দিনটোত কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

November 17, 2021 9:14 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 17, 2021 9:17 pm

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ১ শতাংশৰ তলত থকালৈ চাই কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ধাৰণা কৰিব পাৰি।

অৱশ্যে মৃত্যুৰ সংখ্যা আজি কিছু বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৫০ গৰাকী লোক। এই সময়ছোৱাত ৪৯,০৪৮ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১০৬ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫১ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৪৯ শতাংশ।

 

Related News