বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷
জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ পুনৰ ১৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷
আনহাতে সুস্থ হৈ উঠিছে ৩৫ জনকৈ ৰোগী ৷
জিলাখনত নতুনকৈ ১৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৭ জন আছে৷
ইয়াৰ ভিতৰত ১১৮ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
জিলাখনত শুকুৰবাৰে মুঠ ৩,৮২৭ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷
জিলাখনত ১ মাৰ্চৰ পৰা ৯ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,১২২ জন হৈছে ৷