বঙাইগাঁও জিলাত শুকুৰবাৰৰ দিনটোত পুনৰ নতুনকৈ ১৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷
আনহাতে সুস্থ হৈ উঠিছে ১৩ জনকৈ ৰোগী ৷
জিলাখনত নতুনকৈ পুনৰ ১৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৬২ জন সক্ৰিয় ৰোগী আছে ৷
ইয়াৰ ভিতৰত ১১৭ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৫ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
আনহাতে জিলাখনত শুকুৰবাৰে মুঠ ৪,৯৯৩ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷
জিলাখনত ১ মাৰ্চৰ পৰা ৩০ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৭০০ জন হৈছে ৷