বঙাইগাঁও জিলাত ক’ভিডত এগৰাকী মহিলাৰ মৃত্যু, নতুনকৈ আক্ৰান্ত ৩২ জন ব্যক্তি

Covid19-and-Media-750x375

বঙাইগাঁও জিলাত বুধবাৰে নতুনকৈ ৩২ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে এগৰাকী মহিলাৰ ৷

মৃত মহিলাগৰাকী বঙাইগাঁও চহৰৰ মেইন ৰোডৰ ৱাৰ্ড নং-৩ ৰ বাসিন্দা চন্দনা ঘোষ(৪৯) ৷ মহিলাগৰাকীৰ বঙাইগাঁৱৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত নতুনকৈ ৩২ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩২৫ জনলৈ বৃদ্ধি হৈছে ৷

ইয়াৰ ভিতৰত ২১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১১২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪০ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত বুধবাৰে মুঠ ৩,৫৪৫ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ।

আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৯ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,১৮০ জন হৈছে ৷

আনহাতে বঙাইগাঁও জিলাত ক’ভাক্সিন ভেকচিন উপলব্ধ নোহোৱাৰ ফলত বহুতে দ্বিতীয় ড’জ ল’ব পৰা নাছিল যদিও বৃহস্পতিবাৰে জিলাখনৰ অভয়াপুৰী ৰাজ্যিক চিকিৎসালয় আৰু নিউ বঙাইগাঁৱৰ ভাওলাগুৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰত ক’ভাক্সিন ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হ’ব ৷