বুধবাৰৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত।
ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছে কোভিড-১৯ৰ ভেকচিনৰ।
সেয়ে সকলো সংবাদ প্ৰতিষ্ঠানক নিজৰ নিজৰ সাংবাদিক তথা প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলৰ তালিকা প্ৰেছ ক্লাবত জমা দিবলৈ অনুৰোধ জনাইছে প্রেছ ক্লাবৰ সভাপতি
মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে।
সভাপতি, সাধাৰণ সম্পাদক নিম্নলিখিত দিশ সমূহৰ প্ৰতি সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।
১. বৃহস্পতিবাৰৰ দিনৰ ১২ বজাৰ ভিতৰত প্ৰেছ ক্লাবত জমা দিব লাগিব তালিকা।
২. জমা দিয়া তালিকাত মুখ্য সম্পাদক/ মানৱ সম্পদ বিষয়াৰ চহী থকাটো বাধ্যতামূলক। অন্যথা সেই তালিকা গ্ৰহণ কৰা নহ’ব।
৩. কোনো সাংবাদিকে ব্যক্তিগতভাবে নিজৰ নাম প্ৰেছ ক্লাবত পঞ্জীয়ন কৰিব নোৱাৰিব।
৪. সংবাদ প্ৰতিষ্ঠানে জমা দিয়া তালিকা পৰা পৰ্যায়ক্ৰমে প্ৰদান কৰা হব কোভিড-১৯ৰ ভেকচিন।
৫. সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক- সংবাদকৰ্মীক প্ৰথমে প্ৰদান কৰা হব ভেকচিন। তাৰ পৰৱৰ্তী পৰ্যায়তহে পৰিয়ালক দিয়া হব ভেকচিন।
৬. শুকুৰবাৰৰ পৰাহে সংবাদ প্ৰতিষ্ঠানে দিয়া তালিকাৰ লোকক প্ৰদান কৰা হব ভেকচিন।
৭ তালিকাত সাংবাদিক/সংবাদকৰ্মী/ কৰ্মচাৰীৰ নাম, বয়স, লিংগ, পদবী আৰু ফোন নম্বৰ থাকিব লাগিব।
৮. ভেকচিন লোৱাৰ পূৰ্বে Co-Win অথবা আৰোগ্য সেতু এপত নাম পঞ্জীয়ন থকাটো বাঞ্চনীয়।
৯. সকলোকে কোভিড-১৯ৰ নীতি- নিৰ্দেশনা পালন কৰিব লাগিব।
১০. সংবাদ প্ৰতিষ্ঠানৰ কোনোৱে যদি এই শিবিৰত স্বেচ্ছাসেৱী হিচাপে সেৱা আগবঢ়াব বিচাৰে তেনেহলে প্ৰেছ ক্লাবৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।