বিশ্বৰ মানৱ জাতিৰ বাবে সম্পূৰ্ণ নতুন ভাইৰাছ ক’ৰ’ণা ভাইৰাছকলৈ নিত্য-নতুন তথ্য পোহৰলৈ আহি আছে।
আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন সামগ্ৰীত পূৰ্বে ভবাতকৈও বহু বেছি দিন ক’ৰ’ণা ভাইৰাছ সক্ৰিয় অৱস্থাত থাকে।
পূৰ্বে বহুতে এই বুলি কৈ আহিছিল যে যি কোনো সামগ্ৰীত ক’ৰ’ণা ভাইৰাছ খুব বেছি দুই বা তিনি দিন সক্ৰিয় হৈ থাকে।
কিন্তু পূৰ্বৰ সকলো ধাৰণাক নস্যাৎ কৰি অষ্ট্ৰেলিয়াৰ শীৰ্ষ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান এটাৰ এদল বিজ্ঞানীয়ে কৈছে যে ক’ৰ’ণা ভাইৰাছ আমি নিতৌ ব্যৱহাৰ কৰি থকা কাগজৰ নোট, মোবাইল ফোন, ষ্টেইনলেছ ষ্টীলৰ সামগ্ৰী আদিত কমেও ২৮ দিন সক্ৰিয় হৈ থাকে।
অৰ্থাৎ ২৮ দিনলৈ এনেবোৰ সামগ্ৰীত লাগি থকা ক’ৰ’ণা ভাইৰাছে যিকোনো এজন লোককে মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা আক্ৰান্ত কৰিব পাৰে।
অষ্ট্ৰেলিয়াৰ নেছনেল ছায়েন্স এজেঞ্চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছ কেৱল এই ভাইৰাছত আক্ৰান্ত ৰোগীয়ে কাহিলে অথবা হাচিয়ালেই বিয়পি নপৰে, আমি ব্যৱহাৰ কৰি থকা আন বহু সামগ্ৰীৰ পৰাও এই ভাইৰাছ বিয়পি পৰিব পাৰে।
আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলেও অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দলটোৰ সুৰতে সুৰ মিলাই কৈছে যে দৈনন্দিন ব্যৱহৃত প্লাষ্টিক, গ্লাছ আদি সামগ্ৰীৰ দ্বাৰাও ক’ৰ’ণা ভাইৰাছ বিয়পি পৰিব পাৰে।
পূৰ্বে প্লাষ্টিক,গ্লাছ আদিত ক’ৰ’ণা ভাইৰাছ ৬ দিনলৈ সক্ৰিয় হৈ থাকে বুলি কোৱা হৈছিল যদিও নতুন গৱেষণাই সেই সময়সীমা ২৮ দিন বুলি কৈছে।
ইপিনে কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ কমন কোল্ড চেণ্টাৰৰ প্ৰাক্তন সঞ্চালক প্ৰফেছৰ ৰন ইছেলছে অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দাবী নস্যাৎ কৰি কৈছে যে স্বাভাৱিক পৰিবেশত ক’ৰ’ণা ভাইৰাছ ২৮ দিনতো বাদেই এদিনো সক্ৰিয় হৈ নাথাকে।
যিকোনো বস্তুত ক’ৰ’ণা ভাইৰাছ মাত্ৰ কেইঘণ্টা মানহে সক্ৰিয় হৈ থাকে। যোৱা সপ্তাহতো কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপিকা মনিকা গান্ধীয়ে কৈছিল যে ক’ৰ’ণা ভাইৰাছ কোনো সামগ্ৰীৰ জৰিয়তে সংক্ৰমিত নহয়।
বিজ্ঞানীসকলৰ এনে স্ব-বিৰোধী মতে এতিয়া বিপাঙক পেলাইছে সাধাৰণ জনতাক।