NORTHEAST NOW (Assamese)

অসমত ২২৫১ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৮,১৫৮

September 13, 2020 11:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২২৫১গৰাকী ব্যক্তিয়ে অসমত দেওবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,১৩,১৩৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২৮,১৫৮ (।)

আনহাতে আৰু ১৬গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৬৯লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু ১২৯২গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ ৮.৩৩ শতাংশলৈ বৃদ্ধি পাইছে। শনিবাৰে এই হাৰ আছিল ৬.৮২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ১৫,৫১৫টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪২২, যোৰহাটৰ ১৩৪ আৰু লখিমপুৰৰ ১০৭গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৪১,৭৬৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News