আৰু ১২৯২গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।
পজিটিভৰ হাৰ ৮.৩৩ শতাংশলৈ বৃদ্ধি পাইছে। শনিবাৰে এই হাৰ আছিল ৬.৮২ শতাংশ।
যোৱা ২৪ ঘণ্টাত ১৫,৫১৫টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।
পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪২২, যোৰহাটৰ ১৩৪ আৰু লখিমপুৰৰ ১০৭গৰাকী ব্যক্তি।
নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৪১,৭৬৩লৈ বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
ইপিনে আৰু ১৬গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৬৯লৈ বৃদ্ধি পাইছে।
?Alert ~ 1292 #COVID cases detected today out of 15515 tests done in last 24 hours
Positivity Rate- 8.33%
Kamrup M- 422; Jorhat- 134; Lakhimpur- 107
↗️Total cases 141763
↗️Recovered 110882
↗️Active cases 30409
↗️Deaths 46910 PM, Sept 13 pic.twitter.com/XtdEiAXHcP
— Himanta Biswa Sarma (@himantabiswa) September 13, 2020
অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।
বিপৰীতে ১,১০,৮৮২গৰাকী ব্যক্তিয়ে অসমত শনিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।