NORTHEAST NOW (Assamese)

উন্নত, ধুব পৰা “অসমী মাস্ক” তৈয়াৰ লখিমপুৰৰ ৫০০ মহিলাৰ

April 19, 2020 11:27 pm · ফাৰহানা আহমেদ
লখিমপুৰত মাস্ক তৈয়াৰত ব্যস্ত একাংশ মহিলা।

ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখত লখিমপুৰ জিলাত গাঁৱৰ ৫০০ মহিলাই দিনে-নিশাই তৈয়াৰ কৰিছে “অসমী” মাস্ক।

নীলা ৰঙৰ কপাহী কাপোৰেৰে তৈয়াৰ কৰা এই অসমী মাস্কসমূহ ধুব পৰা আৰু উন্নত মানৰ।

ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে সকলো লোককে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

লখিমপুৰ ডি আৰ ডি এ (District Rural Development Agency)ই লকডাউনৰ সময়ত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত এই উদ্যোগ গ্ৰহণ কৰিছে।

জিলাখনৰ ৮১খন গাওঁ পঞ্চায়তৰ মহিলা ৰঙালী বিহুৰ আৰম্ভণিৰে পৰা এই কামত জৰিত হৈছে।

উন্নত মানৰ ৰূপে পৰিগণিত হোৱা এই অসমী মাস্ক সপ্তাহত ১,৬২,০০০টা তৈয়াৰ কৰিবলৈ লক্ষ্য লোৱা হাতত লোৱা হৈছে।

অসমী মাস্ক।

ডি আৰ ডি এই এই কামৰ বাবে মহিলাসকলক কাপোৰ আৰু অন্যান্য সমল যোগান ধৰিছে।

জিলা প্ৰশাসনে জিলাখনৰ দুখীয়া লোকসকলৰ মাজত গাওঁ পঞ্চায়তৰ জৰিয়তে এই মাস্কসমূহ বিতৰণৰ পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ আৱিৰ্ভাৱৰ পিছৰে পৰা জিলাখনত মাস্কৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পায় আৰু বহুসময়ত এইসমূহ চৰা দামতো বিক্ৰী হোৱা দেখা গৈছে।

খবৰ মতে, উত্তৰ লখিমপুৰ চহৰতে এনে একোটা মাস্ক ২৫০-৩০০ টকা দামত বিক্ৰী হৈছে যিটো সাধাৰণ লোকৰ বাবে কিনাটো সহজসাধ্য নহয়।

Related News