• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যাপকভাৱে কোভিড বিধি উলংঘন : নাই মুখত মাস্ক, বেংক-দোকান-পোহাৰতো নাই সামাজিক দূৰত্ব

তামুলপুৰত ভয়াৱহ গণ সংক্ৰমণ; ৩৬ ঘণ্টাত আক্ৰান্ত ৫২ গৰাকী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 12, 2021 10:18 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ভায়াৱহভাৱে কোভিড১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।

কোভিড১৯ এ সমগ্ৰ ৰাজ্যখনত ভয়াবহ ৰূপ লৈ বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো কিন্তু এতিয়াও তামুলপুৰ মহকুমাত সজাগ হোৱা নাই একাংশ লোক। একাংশ লোকে আজি তামুলপুৰ মহকুমা সদৰৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান, দোকান-পোহাৰ আদিত কভিড১৯ প্ৰট’কল ভংগ কৰি সমবেত হোৱা কাৰ্যই সচেতন মহলক শংকিত কৰি তুলিছে।

Apply Now

একাংশ লোকে আজি তামুলপুৰ মহকুমা সদৰৰ ইউকো বেংক, অসম গ্ৰামীণ বিকাশ বেংকৰ সম্মুখত, কাপোৰৰ দোকানত, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ৰাস্তাই ঘাটে মাস্ক নিপিন্ধাকৈ বা মাক্সখন ঠুতুৰিত আঁৰি লৈ আৰু সামাজিক দূৰত্ব নমনাকৈ ঘূৰি ফুৰা কাৰ্যই তামুলপুৰলৈ বিপদ মাতি অনা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ তামুলপুৰ মহকুমাত গণ সংক্ৰমণৰ তীব্ৰ আশংকাই দেখা দিছে।

উল্লেখ্য যে সোমবাৰৰ দিনটোত বাক্সা জিলাত নতুনকৈ ৭৮ গৰাকী লোক কোভিড ১৯ ত আক্ৰান্ত হৈছিল আৰু এই ৭৮ গৰাকী কোভিড ১৯ ত আক্ৰান্তৰ ভিতৰত তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ তামুলপুৰ, কুমাৰীকাটা আৰু নাগ্ৰীজুলিত আক্ৰান্ত ২৬ গৰাকী লোক আছে।

বুধবাৰেও  তামুলপুৰত ১৫ গৰাকী, কুমাৰীকাটাত চাৰি গৰাকী আৰু নাগ্ৰীজুলিত ৭ গৰাকী সহ মুঠ ২৬ গৰাকী লোকৰ দেহত কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে।

অৰ্থাৎ বিগত ৩৬ ঘণ্টাৰ ভিতৰত তামুলপুৰ, কুমাৰীকাটা আৰু নাগ্ৰীজুলিত মুঠ ৫২ গৰাকীকৈ লোক কোভিড ১৯ ত আক্ৰান্ত হৈছে।

ইপিনে সমগ্ৰ বাক্সা জিলাত আজি নতুনকৈ ৫২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে আৰু বাতৰি লিখাৰ পৰলৈকে জিলাখনত মুঠ ৪২১ গৰাকীৰ দেহত কভিড ১৯ সংক্ৰিয় হৈ আছে। জিলা খনত এতিয়ালৈকে ৮ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

কোভিড ১৯ ৰ এনে ভয়াৱহ সংক্ৰমণৰ পিছতো তামুলপুৰ মহকুমা সদৰত একাংশ লোক আৰু ব্যৱসায়ীয়ে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱসায় চলোৱাৰ লগতে আন একাংশই বাটে ঘাটে ঘুৰি ফুৰা কাৰ্যই তামুলপুৰ মহকুমাত বৃহৎ গণ সংক্ৰমণৰ আশংকা আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

এই ক্ষেত্ৰত তামুলপুৰ আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰৰ একাংশ সচেতন নাগৰিকে।

কোভিড ১৯ ৰ বিধি ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবেও স্থানীয় সচেতন ৰাইজে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে।

Tags: COVID-19
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd